শ্ৰীশ্ৰী জগন্নাথ ক্ষেত্ৰলৈ সাংস্কৃতিক সমন্বয়ৰ যাত্ৰা ।

কাজিৰঙা লাইভ, কলিয়াবৰ, ১২ নৱেম্বৰ:
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমে গুৰু জনাৰ ৫৭১ সংখ্যক জন্মজয়ন্তী ভাগ শ্ৰীমন্ত শংকৰদেৱে তীৰ্থ ভ্ৰমণৰ সম্পূৰ্ণ সময় কটোৱা শ্ৰীশ্ৰীজগন্নাথ ক্ষেত্ৰৰ পুৰীত থকা নামঘৰ প্ৰাঙ্গণত অহা ২২ ডিচেম্বৰত দিনযোৰা কাৰ্য্যসূচীৰে ৰূপায়ণৰ দিহা কৰিছে । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল , স্বাস্থ্য, বিত্ত আৰু গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে অংশগ্ৰহণ কৰিব লগা শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ তম জন্ম-জয়ন্তীত কলিয়াবৰৰ শিশু শিল্পী সকলৰ দ্বাৰা মঞ্চস্থ হ’ব গুৰুজনাৰ ৰচিত “ৰুক্মিণী হৰণ” অঙ্কীয়া ভাওনা । সম্পূৰ্ণ ব্ৰজাৱলী ভাষাত প্ৰদৰ্শন হব লগা এই ভাওনা ভাগৰ বাবে শিশু শিল্পী সকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা। মঙ্গলবাৰে কলিয়াবৰৰ চতিয়ালস্থিত শংকৰ মাধৱ ক্ষেত্ৰ আঞ্চলিক বৰ নামঘৰত কলিয়াবৰৰ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ ব্যৱস্থাপনাত অনুষ্ঠিত হয় “নাট মেলা ” অনুষ্ঠান । অৰ্ধ শতাধিক বাপ বৈষ্ণৱ সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা নাট মেলা অনুষ্ঠানত শিশু শিল্পী সকলে শ্ৰীশ্ৰীজগন্নাথ ক্ষেত্ৰৰ পুৰীৰ নামঘৰত ৰুক্মিণী হৰণ ভাওনা প্ৰদৰ্শনৰ বাবে আৰম্ভ কৰে আখৰা । গুৰুজনাৰ আদৰ্শ, কৃষ্টি , সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদেশ্যেই এই ভাওনা ভাগ জগন্নাথ পুৰীত মঞ্চস্থ কৰাৰ কথা অৱগত কৰে শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ কলিয়াবৰৰ বাপ সকলে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *