৩৫০০ কিলোমিটাৰ চাইকেলেৰে অতিক্ৰম কৰি বোকাখাতত উপস্থিত বৰুণ ৰেড্ডী

কাজিৰঙা লাইভ, বোকাখাত, ১২ নৱেম্বৰ:
এজন চাইকেল আৰোহী যুৱক ৷ সুদুৰ কৰ্ণাটকৰ বঙ্গালোৰু কৰামঙ্গলাৰ পৰা চাইকেল চলাই আহি সোমবাৰে নিশা বোকাখাত পালেহি ৷ লক্ষ্য আৰু উদ্দেশ্যও মহান ৷ যুৱকজনৰ নাম বৰুণ ৰেড্ডী ৷ ঘৰ কৰ্ণাটকৰ বাঙ্গালোৰু কৰামঙ্গলাত ৷ পেছাত এজন একাউন্টেন ৷ ছেপ্টেম্বৰৰ পাঁচ তাৰিখে চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিলে কৰ্ণাটকৰ বাঙ্গালোৰু কৰামঙ্গলাৰ পৰা ভাৰতৰ কেইখনমান দেশৰ লগতে অসম আৰু উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণৰ বাবে ৷ চাইকেলেৰে ৫ হাজাৰ কিলোমিটাৰ ভ্ৰমণ লক্ষ্য লৈ দৈনিক ৭০ ৰ পৰা ৮০ কিলোমিটাৰ চাইকেল চলাই ইতিমধ্যে বৰুণে ৩৫০০ কিলোমিটাৰ পথ চাইকেলেৰে অতিক্ৰম কৰিছে ৷ এই ভ্ৰমণ কালত অন্ধপ্ৰদেশ, উড়িষ্যা, পশ্চিমবঙ্গ, ঝাৰখণ্ড, বিহাৰ, চিকিম অতিক্ৰম কৰি দেওবাৰে অসমত ভৰি দিয়ে ৷ বন্যপ্ৰাণী-বনজ সম্পদ সুৰক্ষাৰ লগতে পলিউচন ৰোধ, নদ, নদী, জলাশয়, বিল সমূহ সংৰক্ষণৰ সজাগতাৰ বাবেই বৰুণ নামৰ এই যুৱকজনৰ এই চাইকেল যাত্ৰা বুলি জানিবলৈ দিয়ে ৷ যাত্ৰা কালত লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে স্থানীয় লোকৰ সৈতেও তেওঁ মত বিনিময় কৰে ৷ অসমত প্ৰবেশ কৰি কামাখ্য মন্দিৰ দৰ্শন কৰাৰ লগতে সোমবাৰে বিয়লি বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি অভিভূত হৈ পৰা বৰুণে উজনি অসমৰ বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ দৰ্শন কৰাৰ উপৰিও পৰশুৰাম কুণ্ডও দৰ্শন কৰিব ৷ তাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য ভ্ৰমণ কৰিব বুলি জানিবলৈ দিয়ে ৷ বৰুণৰ এই যাত্ৰা সফল হওক আমিও তাকে কামনা কৰিলো ৷

Leave a Reply

Your email address will not be published. Required fields are marked *