বোকাখাত থানাত এজাক কন-কন ছাত্ৰ-ছাত্ৰী। আৰক্ষী আৰু থানাৰ ওপৰত সজাগতা সচেতন জ্ঞান

কাজিৰঙা লাইভ, বোকাখাত, ১১ নৱেম্বৰ: বোকাখাত আৰক্ষী থানাত কন-কন ছাত্ৰ-ছাত্ৰী।বোকাখাত ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰছাত্ৰীয়ে নিৰীক্ষণ কৰিলে বোকাখাত আৰক্ষী থানা ৷ থানাৰ ভিতৰত প্ৰত্যক্ষ কৰিলে আৰক্ষীৰ কাম কাজ ৷ সাধাৰণতে বহু সময়ত অকণি সকলৰ মনত আৰক্ষী বা খাকী পোচাক বুলিলে ভয় শংকাৰ সৃষ্টি হয় ৷ গতিকে আৰক্ষীৰ প্ৰতি কন কন ছাত্ৰ-ছাত্ৰীৰ মনত থকা ভ্ৰান্ত ধাৰণা আঁতৰাই আৰক্ষীৰ প্ৰকৃত কামকাজৰ শুদ্ধ ধাৰণা দিবলৈ ছাত্ৰছাত্ৰী সকলক অনা হৈছিল বোকাখাত আৰক্ষী থানালৈ ৷ ছাত্ৰছাত্ৰী সকলে থানা ভিতৰত মুকলি ভাৱে আৰক্ষীৰ কামকাজ প্ৰত্যক্ষ কৰে ৷ বোকাখাত যান-বাহন আৰক্ষীৰ মূৰব্বী গোবিন কাকতীয়ে ছাত্ৰছাত্ৰী সকলক যান-বাহনৰ নিতি-নিয়ম ,যান-বাহন আৰক্ষীৰ বগা পোছাক আৰু থানা আৰক্ষীৰ খাকী পোচাকৰ ওপৰত পুংখানুপুংখ ভাবে বুজাই দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *