জখলাবন্ধা এফ আৰ ইউত মন্ত্ৰী পিযুষ হাজৰীকাৰ চাদেন ভিজিত
কাজিৰঙা লাইভ, কলিয়াবৰ, ১১ নৱেম্বৰ :
মন্ত্ৰী পিয়ুষ হাজৰিকাই জখলাবন্ধা এফ আৰ ইউত চাদেন ভিজিত কৰি শলাগ ললে চিকিৎসালয়খনক । মন্ত্ৰী গৰাকীয়ে হঠাতে চিকিৎসালয়খনত উপস্থিত হৈ ৰেজিষ্টাৰ বহী নিৰীক্ষন কৰাৰ লগতে ৰেজিষ্টাৰ বহী মতে সকলো চিকিৎসক, চিকিৎসা কৰ্মী তথা নাৰ্চ আছেনে নাই সেয়া পৰিদৰ্শন কৰি সকলো থিক মতেই প্ৰত্যক্ষ কৰি সন্তষ্টি প্ৰকাশ কৰে যদিও চিকিৎসালয়খনৰ চৌহদ অপৰিস্কাৰ হৈ থকাৰ কথা উনুকিয়াই দি সোনকালে পৰিস্কাৰ কৰাৰ নিৰ্দেশ দিয়ে আৰু সদায় চাফ-চিকুনকৈ ৰাখিবলৈ কয় । ইফালে চিকিৎসালয়খনৰ দীৰ্ঘদিনীয়া সমস্যা আল্ট্ৰাচাউণ্ড মেচিনটো বিকল হৈ থকা প্ৰত্যক্ষ কৰে আৰু সোনকালে ইয়াৰ ব্যৱস্থা গ্ৰহণৰো আশ্বাস দিয়ে ।
