বোকাখাত মহকুমা কবি সন্মিলনৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যসূচী “কাব্যদিন” উদযাপনঃ

শতাধিক কাব্যপ্ৰেমীয়ে জীপাল কৰি তুলিলে বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱন

কাজিৰঙা লাইভ, বোকাখাত, ১০ নৱেম্বৰঃ
বোকাখাত মহকুমা কবি সন্মিলনৰ উদ্যোগত পুৱতি শাখা সাহিত্য সভা ভৱনৰ প্ৰেক্ষাগৃহত যোৱা ৯ নৱেম্বৰত বিয়লি ১ বজাত অনুষ্ঠিত হৈ যায় সদৌ অসম কবি সন্মিলনৰ স্ব-ৰচিত কবিতা পাঠৰ কেন্দ্ৰীয় কাৰ্যসূচী “কাব্যদিন ” ৷ সদৌ অসম কবি সন্মিলনৰ নৱগঠিত সমিতিৰ প্ৰথমটো কেন্দ্ৰীয় কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ সন্মানীয় সভাপতি প্ৰদীপ শইকীয়া, উপ সভাপতি ৰাজুমণি বেজবৰুৱা, প্ৰধান সম্পাদক উজ্জ্বল পাওগাম, বোকাখাত খণ্ড উন্নয়ন বিষয়া জুৰি শইকীয়াকে প্ৰমুখ্য কৰি সদৌ অসম কবি সন্মিলনৰ বহুকেইজন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ৷প্ৰায় দুশৰো অধিক কাব্যপ্ৰেমীৰ উপস্থিতিৰে মনোগ্ৰাহী হৈ উঠা অনুষ্ঠানটি স্বৰচিত কবিতা পাঠেৰে জীপাল কৰি তোলে এশ চাৰিজন কবিয়ে ৷ বোকাখাত মহকুমা কবি সন্মিলনৰ সম্পাদক মনালিছা শইকীয়া আৰু সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পলিমা চেতীয়া বসুমতাৰীয়ে আঁত ধৰা অনুষ্ঠানটিৰ আদৰণী ভাষণ প্ৰদান কৰে প্ৰধান সম্পাদক উজ্জ্বল পাওগামে আৰু তেখেতৰ পাছতেই সভাপতিৰ ভাষণ প্ৰদান কৰে সদৌ অসম কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াদেৱে ৷ গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি নৰেন শইকীয়া আৰু শাখাৰ সভাপতি অমৰ শৰ্মাইও শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে ৷ সদৌ অসম কবি সন্মিলনৰ সন্মানীয় সভাপতি গৰাকীয়ে নিজৰ ভাষণত সংগঠনটোৰ নীতি আদৰ্শৰ পথেৰে সংগঠনটোক গতিশীলতা প্ৰদান কৰাৰ লগতে অধিক গণমুখী কৰি তোলাৰ কথা দোহাৰে। অনুষ্ঠানত সদৌ অসম কবি সন্মিলনৰ সভাপতি, প্ৰধান সম্পাদকৰ লগতে উপসভাপতি ৰাজুমনি বেজবৰুৱা, কেন্দ্ৰীয় বিষয় ববীয়া সকল ক্ৰমে পলিমা চেতিয়া বসুমতাৰী, সঞ্জীৱ সাগৰ চৌধুৰী,হেমা চৌধুৰী গগৈ, জিণ্টু ফুকন, জুলি বৰুৱা, গাৰ্গী ভূঞা শইকীয়া, দেৱজিৎ গোস্বামী, দীপ হেষ্টিংচ বড়ি আৰু গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি নৰেণ শইকীয়া আৰু বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি অমৰ শৰ্মাক একোখনিকৈ অসমীয়া শিপিনীয়ে তাঁতৰ শালত বোৱা অসমৰ বাপতি সাহোন গামোচা আৰু বোকাখাতৰ কবি সকলৰ কাব্যগ্ৰন্থ সম্বলিত একোটিকৈ গ্ৰন্থৰ টোপোলাৰে আৰু বোকাখাত মহকুমা কবি সন্মিলনৰ উপসভাপতি মিনতি দলে, বোকাখাত মহকুমা কবি সন্মিলনৰ উপদেষ্টাবৃন্দ ক্ৰমে নিজৰা বৰঠাকুৰ, কল্পনা চেতিয়া, অপূৰ্ব বৰদলৈ আৰু বুবুল দত্ত, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুতলী খাওণ্ডক একোটিকৈ গ্ৰন্থৰ টোপোলাৰে সম্বৰ্দ্ধনা জনোৱা হয়। অসমৰ বিভিন্ন স্থানৰ পৰা অহা কবি সকলৰ লগতে অমল দাৱ, হেমেন হাজৰিকা, মৃদুস্মিতা শৰ্মা, ঊষাৰাণী হাজৰিকা ফুকন, ৰিজুমণি বৰা হাজৰিকা, পাৰবিজুল হক, , পংকজ কালিন্দী, পদুমী গাজলু, মনোজ কৰ্ম্মকাৰ, উৎপল শৰ্মা, শ্বাশ্বতী প্ৰিয়দৰ্শিনী, হিমাঞ্চল দত্ত, এনিশা কাশ্যপ, দৃষ্টিৰূপা বৰদলৈ, লিম্পী পাঠক, কুঞ্জলতা দাস, তিলো ছেত্ৰী, চাকিৰাম মাহাত্ত্ব, ধনীৰাম কুৰ্মী, জয়ন্ত মাধৱ মৰাং, পৱন কামান, দেৱজিৎ বিলু, মুহি শইকীয়া, পপী শইকীয়া, ফাতিমা বেগম, চন্দ্ৰকান্ত দাস, পল্লৱ হাজৰিকা, শৰৎ হাজৰিকা আদিকে ধৰি বহুসংখ্যক স্থানীয় কবিয়ে স্ব-ৰচিত কবিতা পাঠ কৰা অনুষ্ঠানটিত যোৱা ৩ নৱেম্বৰত দুলীয়াজানৰ কেন্দ্ৰীয় ন-পুৰণি কাৰ্যনিৰ্বাহক সভাত অনুপস্থিত কিছু সংখ্যক নৱ নিৰ্বাচিত কেন্দ্ৰীয় বিষয় ববীয়াক সভাপতি প্ৰদীপ শইকীয়াই শপত বাক্য পাঠ কৰায়। কাব্যদিন অনুষ্ঠানত গোলাঘাট জিলা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ৰাখি দত্ত শইকীয়া, উপ-সভাপতি পাৰিজাত বৰুৱাৰ লগতে ৰিজু বৰা হাজৰিকা,অজন্তা তালুকদাৰ,মৃদুস্মিতা শৰ্মা,অমল দাৱ পূৱ নৈপৰীয়া বোকাখাত শাখা কবি সন্মিলন, মহুৰামুখ শাখা কবি সন্মিলন, কাজিৰঙা শাখা কবি সন্মিলনৰ লগতে ভালে সংখ্যক স্থানীয় গণ্যমান্য ব্যক্তি, কবি আৰু বোকাখাত মহকুমা কবি সন্মিলনৰ উপদেষ্টা সকল, সমূহ বিষয় ববীয়া আৰু সদস্য উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। বোকাখাত মহকুমা কবি সন্মিলনৰ সম্পাদক মনালিছা শইকীয়াই অনুষ্ঠানটিৰ সফল ৰূপায়ণৰ বাবে সংগঠনটোৰ কেন্দ্ৰীয়, জিলা সমিতি, বোকাখাত মহকুমা কবি সন্মিলনৰ সমূহ উপদেষ্টা, বিষয় ববীয়া আৰু সদস্য তথা উপস্থিত সদৌটি কাব্যপ্ৰেমী ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই শলাগৰ শৰাই আগবঢ়ায় ৷ বিয়লি ৫ বজাত সদৌ অসম কবি সন্মিলনৰ কাব্য মন্ত্ৰৰে অনুষ্ঠানটি সামৰণি পৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *