বোকাখাত আৰক্ষীয়ে ধন লৈ এৰি দিয়া গৰু-ম’হ সৰবৰাহ কৰা বাহন জব্দ কলিয়াবৰত

কাজিৰঙা লাইভ, কলিয়াবৰ, ১০ নৱেম্বৰ: ৰাজ্যত অব্যাহত আছে চোৰাং গৰু-ম’হৰ চিণ্ডিকেট।বোকাখাত আৰক্ষীয়ে ধন লৈ এৰি দিয়া গৰু-মহ সৰবৰাহ কৰা ১৪ খন কৈ বাহন আজি জব্দ কৰিলে কলিয়াবৰ আৰক্ষীয়ে। তিনিখন ১০ চকীয়া ট্ৰাক সহ মুঠ ১৪ খন বাহনৰে চোৰাং গৰু-ম’হ সৰবৰাহ কৰাৰ গোপন খবৰৰ ভিত্তিত কলিয়াবৰ আৰক্ষীয়ে থানাৰ সমুখত ৩৭ নং ৰাষ্ট্ৰীয় পথত নাকা লগাই জব্দ কৰে গৰু-ম’হ ভৰ্তি বাহন সমুহ । বাংলাদেশৰ লগতে মেঘালয়লৈও প্ৰেৰণৰ বাবে গৰু-ম’হ সমুহ এইদৰে অবৈধ ভাৱে সৰবৰাহ কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । ১৪ খন বাহনত মুঠ ১৪৬ টা গৰু আৰু মহ জব্দ কৰে আৰক্ষীয়ে। আনহাতে ঘটনাৰ লগত জড়িত মুঠ ৪০ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে কলিয়াবৰৰ আৰক্ষীয়ে । আচৰ্যজনক কথাটো হ’ল বোকাখাত আৰক্ষীয়ে বোকাখাত চহৰত সৰবৰাহকাৰীৰ পৰা বৃহৎ অংকৰ ধনলৈ মুকলি কৰি দিয়ে। কেমেৰাৰ সমুখত মন্তব্য কৰে গ্ৰেপ্তাৰ হোৱা লোককেইজনে । বোকাখাত আৰক্ষীয়ে প্ৰতিখন গৰু ভৰ্তি গাড়ীৰ পৰা ২ ৰ পৰা ৩ হাজাৰ টকা পৰ্যন্ত ধন লৈ গাড়ী সমুহ যাবলৈ দিয়ে। কোনো কোনো বাহনৰ চালকৰ পৰা ২ টকাৰ জৰিমনাৰ ৰচিদ দিয়ে যদিও একাংশক চালকক ৰচিদ নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে একাংশ সৰবৰাহকাৰীয়ে। এনেদৰেই এতিয়াও অসমত অব‍্যাহত আছে চোৰাং গৰু-মহৰ ব‍্যৱসায় । একাংশ আৰক্ষীয়ে ধন লৈ এৰি দিয়া চোৰাং গৰু-মহ ভৰ্তি বাহন পুণৰ আন একাংশ আৰক্ষীয়ে জব্দ কৰে । ইয়াৰ প্ৰকৃত ৰহস্য কি সেই লৈ ৰাইজৰ মাজত সৰব চৰ্চা চলিছে । কলিয়াবৰ আৰক্ষীয়ে জব্দ কৰা গৰু-মহ সমুহ নগাওঁ জিলাৰ শেনচোৱাস্থিত চৰকাৰী গো শালালৈ প্ৰেৰণ কৰিছে । আনহাতে বোকাখাত আৰক্ষীয়ে ধন লোৱা ঘটনাকলৈ কি ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষী শীৰ্ষ মহলে সেয়াহে লক্ষণীয় হব।

Leave a Reply

Your email address will not be published. Required fields are marked *