কমাৰগাঁৱৰ দিহিঙীয়া-মহুৰা পথাৰৰ বিশ্ব ঐতিহ্য সমন্বয় ক্ষেত্ৰত ৮৯ সংখ্যক শ্ৰীমন্ত শংকৰ সংঘৰ অধিবেশনৰ লাইখুটা স্থাপন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১০ নৱেম্বৰ :
জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে প্ৰতিষ্ঠিত উত্তৰ পূবৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য, শৈক্ষিক, সাংস্কৃতিক তথা আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিবেশনৰ পবিত্ৰ লাইখুটা ভাগি আজি উদুলি মুদুলি পৰিবেশেৰে দবা-শংখ ধ্বনি নিনাদেৰে হাজাৰ হাজাৰ ভকত প্ৰাণ বৈষ্ণবৰ কৃষ্ণ কৃষ্ণ হৰি ধ্বনিৰে স্থাপন কৰে শ্ৰীমন্ত শংকৰদেব সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে। প্ৰতিকুল বতৰক নেওচি হাজাৰ হাজাৰ ভকত প্ৰাণ বৈষ্ণব সকল উপস্থিত থাকে এই লাইখুটা স্থাপনত। কেবিনেট মন্ত্ৰী অতুল বৰা, শ্ৰীমন্ত শংকৰদেব সংঘৰ সম্পাদক বাবুল বৰাই অংশ লৈ বক্তব্য প্ৰদান কৰে। উল্লেখ্য লাইখুটা স্থাপনত বিভিন্ন ধৰ্মালম্বী লোক সকলে অংশ লৈ লাইখুটা স্থাপনৰ ক্ষেত্ৰখনত অন্য এক মাত্ৰা প্ৰদান কৰে। বিশেষকৈ মুছলিম সমাজে অংশ লৈ শ্ৰীমন্ত শংকৰদেব জয় ধ্বনি দি কামে কাজে লাগি লাইখুটা স্থাপনত অন্য এক ভূমিকা পালন কৰে। ইয়াৰ পিছতে কমাৰগাঁৱৰ বৰদিহিঙীয়া নাট্য মন্দিৰত অনুষ্ঠিত হয় ৰাজহুৱা সভা। পদাধিকাৰ কমলাকান্ত গগৈৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাত শ্ৰীমন্ত শংকৰদেব সংঘৰ বহুকেইজন গণ্যমাণ্য ব্যক্তিয়ে অংশ লোৱাৰ লগতে অসংখ্য ভকতপ্ৰাণ বৈষ্ণব তথা আইমাতৃয়ে অংশ লয়। একপ্ৰকাৰ কবলৈ গলে আজি কমাৰগাঁও দ্বিতীয় বৈকুন্ঠপুৰীত পৰিণত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *