বিজেপি চৰকাৰৰ প্ৰতি বিতুষ্ট ৰাইজ , ৰঙাগৰাত ৰাস্তা নিৰ্মাণৰ বাবে ওলাই আহিল অঞ্চলবাসী

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১০ নৱেম্বৰ: চৰকাৰৰ কাম-কাজত বিতুষ্ট ৰাইজ ৷ বৰ্তমানৰ চৰকাৰখনৰ জনসাধাৰণৰ অভাৱ অভিযোগৰ প্ৰতি চূড়ান্ত অমনোযোগিতাত অতিষ্ঠ হৈ নিজ অঞ্চলৰ পথ নিৰ্মাণৰ বাবে ওলাই আহিল ১৪ খনকৈ গাৱঁৰ ৰাইজ ৷ কাৰ্বি আংলং জিলাৰ ৰঙাগৰা গাৱঁৰ ১৪ খন গাঁৱৰ ৰাইজে অহা যোৱা কৰা একমাত্ৰ পথটিয়ে ৰাইজক অতীজৰে পৰাই জ্বলাকলা খুবাই আহিছিল । যুগ যুগ ধৰি অঞ্চলবাসীয়ে এই ৰাস্তাৰ ওপৰেদিয়েই অহা যোৱা কৰি আহিছে যদিও ভাৰতবৰ্ষ স্বাধীন হোৱাৰ কালৰে পৰাই কোনো এখন চৰকাৰেই এই পথটি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তিলমাত্ৰও সদিচ্ছা দেখুওৱা নাই যাৰ ফলত ৰঙাগৰাৰ ১৪ খন গাৱঁৰ ৰাইজ, স্কুলীয়া ছাত্র ছাত্ৰী তথা জৰুৰী চিকিৎসাৰ বাবে ৰোগী সকলে বিভিন্ন সময়ত নানা ধৰণৰ অসুবিধাৰ সন্মুখীন হব লগীয়া হৈ আহিছে ৷ এই অঞ্চলৰ ৰাইজে প্ৰতিখন চৰকাৰকেই এই পথটিৰ সন্দৰ্ভত বহুবাৰ অভিযোগ দাখিল কৰি আহিছে যদিও আজিকোপতি কোনো এখন চৰকাৰেই এই ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ পৰিবৰ্তনৰ শ্লোগানেৰে গাদী দখল কৰা বৰ্তমানৰ চৰকাৰখনলৈ থকা এই অঞ্চলবাসীৰ আশাত সম্প্ৰতি চেচাঁ পানী পৰাৰ পৰিপ্ৰেক্ষিততেই আজি ৰঙাগৰাৰ ১৪ খন গাৱঁৰ ৰাইজ পথটি নিৰ্মাণৰ বাবে ওলাই আহিল ৷ হাতেকামে সকলো নামি পৰিল পথটি নিৰ্মাণৰ কামত ৷

Leave a Reply

Your email address will not be published. Required fields are marked *