কন্যাকুমাৰীৰ পৰা ১৯ খন ৰাজ্য অতিক্ৰম কৰি কাজিৰঙাত থংগৰাজন

কাজিৰঙা লাইভ, বোকাখাত, ১০ নৱেম্বৰ: কন্যাকুমাৰীৰ বিবেকানন্দ কেন্দ্ৰ শিলান্যাসৰ অৰ্ধ শতিকা পূৰ্তিৰ উপলক্ষে ১৯ খন ৰাজ্য অতিক্ৰম কৰি কাজিৰঙাত উপস্থিত হল বিশেষভাৱে সক্ষম আৰ,থংগৰাজন ৷ বিশেষভাৱে নিৰ্মিত এখন স্কুটিৰে যাত্ৰা আৰম্ভ কৰা থংগৰাজন প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী ৷ অকলেই যাত্ৰা আৰম্ভ কৰা থংগৰাজনে অহা ২০ ডিচেম্বৰত তেওঁৰ এই যাত্ৰাৰ সামৰণী মাৰিব ৷ ১১ হাজাৰ কিঃমিঃ অতিক্ৰম কৰা থংগৰাজনে ১১ ছেপ্তেম্বৰত যাত্ৰা আৰম্ভ কৰিছিল ৷ “এক ভাৰত, বিজয়ী ভাৰত” ধ্বনি ভাৰতবাসীৰ মাজত বিলাই দিয়াৰ উদ্দেশ্য আগত ৰাখিয়েই থংগৰাজনে আৰম্ভ কৰিছিল এই যাত্ৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *