কালিলৈ স্থাপন হব ৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বার্ষিক অধিবেশনৰ লাইখুটা

কাজিৰঙা লাইভ, কমাৰগাঁও, ৯ নৱেম্বৰ:
৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশন খনি শ্ৰীমন্ত শংকৰদেৱ সংঘ বোকাখাত জিলা শাখাৰ আমন্ত্রণ ক্ৰমে সমগ্ৰ বােকাখাতবাসীৰ সহযােগত অনুষ্ঠিত হব “বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্র” কমাৰগাঁৱৰ দিহিঙিয়া-মহুৰা পথাৰত। অহা কালিলৈ স্থাপন কৰিব ৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বার্ষিক অধিবেশনখনৰ পবিত্ৰ লাইখুটা ভাগি। ইতিমধ্যে আটক ধুনীয়াকৈ সজাই পৰাই তােলা হৈছে লাইখুটাভাগি । কালিলৈ কমাৰগাঁৱৰ দিহিঙীয়া- মহুৰাপথাৰৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰত লাইখুটা স্থাপন কৰা হব । প্ৰতিকূল বতৰক নেওচি আজি ভকত বৈষ্ণব সকলে লাইখুটাভাগি ভক্তি ৰসৰ মাজেৰে আনে কমাৰগাঁৱৰ দিহিঙীয়া- মহুৰাপথাৰৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *