কলিয়াবৰত আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ পৰা উদ্ধাৰ বাহন

কাজিৰঙা লাইভ, কলিয়াবৰ, ৭ নৱেম্বৰ :
কলিয়াবৰ আৰক্ষী থানা এলেকাধীন বৰভগীয়াত আজি পুৱা মিছা আৰক্ষীয়ে তালাচী চলোৱাৰ সময়ত এখন চুৰি বাহন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। আৰক্ষীয়ে জব্দ কৰা বাহন খনৰ পঞ্জীয়ন নম্বৰ AS 01 BC 4607. গুৱাহাটীৰ এটি চৰকাৰী কাৰ্যালয়ৰ টাটা চুমু গল্ড বাহন খন আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰই চুৰি কৰি ডিমাপুৰত বিক্ৰী কৰিবলৈ নিয়াৰ সময়তে কলিয়াবৰত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীয়ে জানিব দিয়ে। বাহন খনৰ পৰা আৰক্ষীয়ে আটক কৰিছ এজন লোকক। আটকাধীন লোক জনৰ নাম চম্পক শৰ্মা বুলি আৰক্ষীয়ে জানিব দিয়ে। সম্প্ৰতি মিছা আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে ধৃত চম্পক শৰ্মাক।

Leave a Reply

Your email address will not be published. Required fields are marked *