কাজিৰঙাত বন্ধ গুটকা, পানমচলা। মহকুমা প্ৰশাসনে জাৰি কৰিলে ১৪৪ ধাৰা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৭ নৱেম্বৰ: গুটকা, পানমচলা, চুফাৰী, জৰ্দা আদিৰ বিৰোদ্ধে কাজিৰঙাৰ কহঁৰাত বোকাখাত মহকুমা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা ৷ কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ কেন্দ্ৰস্থল কহঁৰা চাৰিআলিক প্ৰদূষণ মুক্ত কৰি ৰাখিবৰ বাবে মহকুমা প্ৰশাসনে গ্ৰহন কৰিছে এই কঠোৰ প্ৰদক্ষেপ ৷ বুধবাৰে এই সন্দৰ্ভত বোকাখাত মহকুমা প্ৰশাসনে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি কহঁৰা আৰক্ষী চকীৰ ৩০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত গুটকা ,পান মচলা, জৰ্দা, চুফাৰী আদি সামগ্ৰী বিক্ৰী বা সেৱন কৰাত নিষেধ কৰা হৈছে ৷ এনে সামগ্ৰী সমূহ সেৱন কৰি য’তে ত’তে পেলাই দিয়া পলিথিনৰ পেকেট বিলাকে কহঁৰাৰ পৰিবেশ বিনষ্ট কৰিছে ৷ গতিকে দেশী বিদেশী পৰ্যটকৰ সমাগম থলি কহঁৰাক পৰিস্কাৰ পৰিচন্ন কৰি ৰখাৰ বাবে প্ৰশাসনে ১৪৪ ধাৰাৰ জৰিয়তে নিষেধাজ্ঞা জাৰি কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *