কাজিৰঙাৰ প্ৰাক্তন ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়ালৈ হিমালয়ান কনজাৰভেচন বঁটা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৬ অক্টোৱৰঃ
পূৱ অসম বন সংমণ্ডলৰ প্ৰাক্তন প্ৰাধিকাৰী ৰোহিণী বল্লভ শইকীয়ালৈ বালিপাৰা ফাউণ্ডেচনৰ তৰফৰ পৰা আগবঢ়োৱা হয় ইষ্টাৰ্ণ হিমালয়ান কনজাৰভেচন বঁটা ৷ পূৱ অসম বন সংমণ্ডল (বন্যপ্ৰাণী) প্ৰাধিকাৰী হিচাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত সময়ত তেখেতৰ কৰ্তব্য নিষ্ঠা আৰু সফলতাৰ বাবে বালিপাৰা ফাউণ্ডেচনে আগবঢ়াইছে এই বঁটা ৷ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটাৰ লগতে আগবঢ়োৱা সম্বৰ্ধনা পত্ৰত উল্লেখ কৰে যে, ৰোহিণী বল্লভ শইকীয়া এজন সৱল ব্যক্তিত্ব সম্পন্ন ব্যক্তি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া বিলুপ্তপ্ৰায় প্ৰজাতিৰ সংৰক্ষণৰ ক্ষেত্ৰত তেখেত এক বৃহৎ সাফল্যৰ অধিকাৰী ৷ ২০১৬ চনৰ পৰা আজি পৰ্যন্ত কাৰ্যকালত ১৪২ জন চোৰাং চিকাৰী বন বিভাগ অথবা বন বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি তেওঁৰ কাৰ্যকালৰ পৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত চোৰাং চিকাৰীৰ প্ৰৱেশৰ দৰে ঘটনা বহু পৰিমাণে হ্ৰাস পোৱাৰ ফলস্বৰূপে বন্দুকৰ গুলীত নিহত হোৱা গঁড়ৰ সংখ্যা যোৱা দিনকেইটাত নিম্নগামী হোৱাৰ ক্ষেত্ৰত বন বিষয়া শইকীয়াৰ অৱদানক সন্মান জনাই সম্বৰ্ধনা পত্ৰখনত উল্লেখ কৰা হৈছে যে, তেওঁ সংৰক্ষণৰ বাবে লোৱা বিভিন্ন প্ৰচেষ্টাৰ নেতৃত্ব লোৱাৰ লগতে তেওঁৰ দিনত চোৰাং চিকাৰ ৰোধৰ বাবে আন্তঃগাঁথনিৰ সৱলীকৰণ কৰা হয় ৷ কাজিৰঙা লাইভৰ তৰফৰ পৰাও বন বিষয়া ৰোহিণী বল্লভ শইকীয়ালৈ অভিনন্দন ৷

Leave a Reply

Your email address will not be published. Required fields are marked *