প্ৰয়াত শিক্ষকক একাঁজলি শ্ৰদ্ধাঞ্জলি কাজিৰঙাৰ সাংবাদিক,দল সংগঠনৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ,৬ নৱেম্বৰ :
২০০৯ বৰ্ষৰ এটা অভশপ্ত দিন ৬ নৱেম্বৰ ৷ এই দিনটোতে কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰয়াত নৱীন চন্দ্ৰ ৰাজখোৱাৰ এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল ৷ নৱীন ৰাজখোৱা এজন কৰ্মৰত চৰকাৰী শিক্ষকেই নহয় তেও আছিল প্ৰতিজন শিক্ষাৰ্থীৰ বন্ধু, কিম্বা আত্মীয় ৷ ইয়াৰোপৰি এজন শৃংখলাবদ্ধ ছাত্ৰৰ পথ প্ৰদৰ্শক ,এজন সুদক্ষ খেলুৱৈ ৰুপে চিনাকী আছিল শিক্ষকজনৰ ৷হাহিঁ ধেমালি কৰি ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত ব্যৱধান হ্ৰাস কৰি যি কোনো নুবুজা কথা যিকোনো সময়ত শিকিব পৰা পৰিৱেশ গঢ়ি তুলিছিল কাজিৰঙাত ৷দীঘল হাতৰ চাৰ্ট পিন্ধা শিক্ষকজনে কোনো দিনাই হাতৰ বুটাম নামাৰিছিল ৷ অকণমান মুটোকাই লৈ দুয়োহাত বতাহত নাচি থকা নাহৰৰ চিৰিলি চিৰিলি পাতবোৰৰ সতে তাল মিলাই এক বিশেষ ভংগিমাত জোকাৰি জোকাৰি গাড়িৰ পৰা নামি বিদ্যালয়ৰ সেউজীয়া ৰাস্তাটোৰে সোমাই আহিছিল তেও ৷ খৰকৈ খোজ কঢ়া শিক্ষকজনৰ পাছফালৰ পৰা কোনোবাই চাৰ্টত ধৰি ৰখাবলৈ চেষ্টা কৰাৰ দৰে হয় পাছফালৰ চাৰ্টৰ চোট ৷ মুখত অনবৰতে সৰলতাই জিল মিলাই থকা শিক্ষকজনৰ প্ৰাণ খোলা হাহি ৷ গণিতৰ সুত্ৰবোৰৰ লগতে শিক্ষকজনে ছাত্ৰ ছাত্ৰীক শিকাইছিল হাহিঁৰে জীৱনটোক সহজ কৰি তুলিবৰ বাবেএকো একোটা সুত্ৰ ৷ যদিও শিক্ষকজন বোকাখাতৰ আছিল তথাপিতো তেখেত হৈ পৰিছিল কাজিৰঙাবাসীৰ অতিকৈ আপোন ৷ মৃত্যু এটা শাশ্বত আৰু কৰূনতম শব্দ ৷ এই বিশ্বব্ৰক্ষাণ্ডত সকলো প্ৰাণীৰে জন্ম হলে মৃত্যু হবই ৷মৃত্যুও এটা শিল্প ৷ জীৱনৰ কঠিন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য্য ৷ আজি দশমবাৰ্ষিকী মৃত্যু তিথিত কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে প্ৰতিজন কাজিৰঙাবাসীয়ে তেখেতৰ আত্মাই বৈকুণ্ঠত স্থিতি লৈ শিক্ষাৰ্থী সকলৰ আশীষ হৈ থাকে তাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷ ইয়াৰোপৰি প্ৰতি বছৰৰ দৰে কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক মনোজ প্ৰতিম শইকীয়াই সন্ধ্যা কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত পাঁচশ এগছি বন্তিৰে তেখেতৰ আত্মাৰ সদগতিৰ অৰ্থে প্ৰাৰ্থনা জনায় ৷ ইফালে সদৌ তাই আহোম ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,কাজিৰঙা বচাগাওঁ যুৱ বৃন্দ ,দিৰিং চাৰিআলি ব্যৱসায়ী সন্থা,কাজিৰঙা প্ৰেছ ক্লাৱ,আৰু কাজিৰঙা মহাবিদ্যালয়ৰ তৰফৰ পৰা তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *