“My bike in my life line” সত্য ৰূপত প্ৰতিফলিত বোকাখাতত। দুৰ্ঘটনাত মৃত্যু যুৱকৰ

কাজিৰঙা লাইভ, বোকাখাত, ৬ নৱেম্বৰ: “My bike in my life line”এই কথাষাৰৰেই যেন সত্য ৰূপত প্ৰতিফলিত কৰি বাইক দুৰ্ঘটনাত জীৱন যাত্ৰাৰ অন্ত পৰিল বোকাখাতৰ এজন যুৱকৰ ৷ উল্লেখ্য যে আজি সন্ধ্যা বোকাখাতত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত এজন যুৱক নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হয় এগৰাকী মহিলা ৷ঘটনাৰ বিৱৰণ মতে সন্দিপ ঠাকুৰ নামৰ এজন যুৱক AS03W9472 নম্বৰৰ KTM বাইকেৰে গৈ থকা অৱস্থাত বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত চাইকেলেৰে গৈ থকা যুগে পেগু নামৰ এগৰাকী মহিলাক খুন্দা মাৰি পথৰ ওপৰতে বাগৰি পৰে৷ দুৰ্ঘটনাটোত বাইক আৰোহী যুৱকজন থিতাতে নিহত হোৱাৰ লগতে মহিলা গৰাকী গুৰুতৰ ভাৱে আহত হয় ।দুৰ্ঘটনাটোত আহত মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিতালৈ প্ৰেৰণ কৰাৰ লগতে নিহত যুৱক জনৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ৷নিহত যুৱক জনৰ ঘৰ বোকাখাতৰ বিহৰা চাহ বাগিচাত৷যুৱক জনে চলাই যোৱা KTM বাইক খনৰ পাছফালে লিখা আছিল বাতৰিৰ আৰম্ভণিতে উদ্ধৃতি দিয়া ইংৰাজী বাক্য শাৰী ৷

Leave a Reply

Your email address will not be published. Required fields are marked *