চীন-থাইলেণ্ডৰ শিল্পীৰ বিহু নৃত্য গীত পৰিবেশনে মুগ্ধ কৰিলে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীক

কাজিৰঙা লাইভ, কলিয়াবৰ, ৬ নৱেম্বৰ: শান্তি-মৈত্ৰীৰ বাৰ্তাৰে চীন দেশৰ লগতে থাইলেণ্ডৰ শিল্পীৰ সপ্তাহযোৰা অসম ভ্ৰমণ আজি কলিয়াবৰত সামৰণি পৰে । সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত । চীন আৰু থাইলেণ্ড বিশ্ববিদ্যালয়ৰ শিক্ষক, ছাত্ৰ -ছাত্ৰীৰ সাংস্কৃতিক দলটিয়ে ভাৰতৰ সৈতে সাংস্কৃতিক মত বিনিময় উৰ্দ্দেশ্য হাতত ৰাখি আৰম্ভ কৰা সপ্তাহযোৰা ভ্ৰমণ সূচী সামৰণি অনুষ্ঠানত চীন দেশৰ লগতে থাইলেণ্ডৰ পৰা অহা শিল্পীৰ দলটিয়ে গীত-নৃত্য বাদ্যৰে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে ৷তদুপৰি বিহু গীত গাই নৃত্য পৰিবেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হয় । চীন থাইলেণ্ডৰ পৰা অহা শিল্পীৰ দলটিক কলিয়াবৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা উষ্ম আদৰণি জনাই ৷ অনুষ্ঠানত অসমীয়া বিভাগৰ ছাত্র ছাত্ৰীয়ে পৰিবেশন কৰে গুৰুজনাৰ অঙ্কীয়া নাট “ৰাম বিজয় “নাট ৷এই ৰাম বিজয় নাটৰ অভিনয় চাই চীন থাইলেণ্ডৰ শিল্পী সকলক মুগ্ধ হৈ পৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *