শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশন, বোকাখাত ২০২০ ৰ লাইখুঁটা ১০ নবেম্বৰত

কাজিৰঙা লাইভ, বোকাখাত, ৬ নৱেম্বৰ: শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশন, বোকাখাত ২০২০ অধিৱেশন ভাগি “বিশ্বঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ”ত অহা ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ ৫,৬,৭ আৰু ৮ তাৰিখে দিহিঙীয়া -মহুৰাপথাৰ, কমাৰগাঁও, বোকাখাতত অনুস্থিত হব ৷ ৩১ মাৰ্চ ২০১৯ত আদৰণী সমিতি গঠন কৰাৰ পিছত অধিৱেশনৰ প্ৰাৰম্ভিক কাম -কাজ সমূহ ইতিমধ্যে আৰম্ভ হৈছে ৷ উপ সমিতি সমূহে অধিৱেশনৰ যাৱতীয় কাম কাজ সমূহ আগবঢ়াই নিছে ৷ আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ কৃষিমন্ত্ৰী মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই অধিৱেশন খনি সফল কৰা ক্ষেত্ৰত চৰকাৰী ভাৱে কেইবালানিও আলোচনাত মিলিত হয় ৷ অধিৱেশনৰ কাম-কাজৰ অগ্ৰগতিৰ খতিয়ানৰ বুজ লবৰ বাবেই কাৰ্যনিবাহক সভাত আলোচনা হয় ৷ বিশেষ ভাবে অৰ্থ সংগ্ৰহৰ ওপৰত আলোচনা হয় ৷ ২ কোটি ৮০ লাখ টকাৰ বাজেটেৰে হব লগা অধিৱেশনখনি সৰ্বাঙ্গ সুন্দৰ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ১০ নৱেম্বৰত অধিৱেশনৰ লাইখুঁটা ভাগি স্থাপন কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মহামান্য পদাধিকাৰ কমলাকান্ত গগৈ বাপে৷ ১০ বজাত স্থাপন হব লগা লাইখুঁটাৰ বাবে অাদৰণী সমিতিৰ উপ সমিতি সমূহে যাৱতীয় কাম-কাজ আৰম্ভ কৰিছে ৷ ১০ হাজাৰৰো অধিক ভকত বৈষ্ণৱ সমবেত হব লগা লাইখুঁটা অনুষ্ঠানৰ বাবে লাইখুঁটা ভাগৰ লগতে সেইদিনাৰ ভকতৰ আপ্যায়ণৰ বাবে সিদ্ধ অন্ন আগবঢ়াইছে বোকাখাত জিলা শাখাৰ সদৰ আঞ্চলিক শাখাৰ সঙ্গী বাপ ইন্দ্ৰকান্ত দলে বাপে ৷ লাইখুঁটা ভাগ স্থাপন কৰিবৰ বাবে দিহিঙীয়া মহুৰা পথাৰত ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ লাইখুঁটা স্থাপনৰ পিছত বৰদিহিঙীয়া নাট্য মন্দিৰত এখন ৰাজহুৱা সভা অনুস্থিত হব ৷ পদাধিকাৰ কমলাকান্ত গগৈ বাপে সভাপতিত্ব কৰিব লগা সভাত শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰধান সম্পাদক বাবুল বৰাকে প্ৰমুখ্য কৰি মূল কাৰ্যনিবাহকৰ বিষয় ববীয়া সকল উপস্থিত থাকিব ৷ ৯ নবেম্বৰ তাৰিখে পদাধিকাৰ বাপৰ পৰিচালনাত সেৱাবাহিনীৰ সেৱক- সেৱিকা সকলৰ মাজত এটি শৰণ কক্ষ অনুষ্ঠিত হোৱাৰ উপৰিও ৰাতিলৈ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পঞ্চমখন মূল কাৰ্যনিবাহক সভাও অনুষ্ঠিত হব ৷ সকলো কাৰ্যসূচীতে উপস্থিত থাকি সমস্ত জনকে দিহা-পৰামৰ্শৰ লগতে সহায়ৰ হাত আগবঢ়াই কাৰ্যসূচী ভাগ সুচাৰৰূপে পৰিচালনা সহযোগ কৰিবৰ বাবে আদৰণী সমিতিৰ সাধাৰণ সম্পাদক চন্দ্ৰকান্ত ভূঞাই আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *