পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চল

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৬ নৱেম্বৰ :
পৰ্যটন বৰ্ষৰ বাবে আজিহে পৰ্যটকৰ বাবে সম্পূৰ্ণ কৈ মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান । উদ‍্যানখনৰ তিনিটা ৰেঞ্জ পৰ্যটকৰ বাবে ইতিমধ্যে মুকলি কৰা হৈছিল যদিও বাট-পথৰ অসুবিধাৰ বাবে কাজিৰঙাৰ দুৱাৰ মুখ বুঢ়াপাহাৰ বনাঞ্চল মুকলি কৰা হোৱা নাছিল পৰ্যটকৰ বাবে । আজি আনুস্থানিক ভাৱে বুঢ়াপাহাৰ বনাঞ্চল ২০১৯-২০ পৰ্যটন বৰ্ষৰ বাবে পৰ্যটকৰ কাৰণে মুকলি কৰে অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ সঞ্চালক শিৱ কুমাৰ, DFO ৰমেশ কুমাৰ গগৈৰ লগতে মহকুমা আৰক্ষী বিষয়াকে ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাগৰাকী বন বিষয়া এই মুকলি অনুষ্ঠানত উপস্থিত থাকে । ইতিমধ্যে ১৭ হাজাৰ পৰ্যটকে কাজিৰঙা দৰ্শন কৰিছে চলিত বৰ্ষত । আশা কৰিছে এই পৰ্যটন বৰ্ষত পৰ্যটকে পূৰ্বৰ ৰেকৰ্ড ভংগ কৰিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *