কাজিৰঙাৰ বনকৰ্মী ডিম্বেশ্বৰ দাসলৈ আৰ্থ হিৰো বঁটা

কাজিৰঙা লাইভ, বোকাখাত, ৬ নৱেম্বৰ: কাজিৰঙাৰ বনকৰ্মীলৈ ৰয়েল বেংক অৱ স্কটলেণ্ডৰ আৰ্থ হিৰো GREEN WARRIOR AWARD বঁটা। যোৱা ১৯ বছৰে কাজিৰঙাৰ প্ৰতি নিঃস্বাৰ্থ সেৱা আগবঢ়োৱা বনকৰ্মী ডিম্বেশ্বৰ দাসক মংগলবাৰে সন্ধ্যা দিল্লীৰ দৰবাৰ হলত এক গাম্ভীৰ্য পূৰ্ণ অনুস্থানত বঁটা প্ৰদান কৰে ৷ বিশেষ ভাৱে নাও চলোৱাত দক্ষ এইজন বনকৰ্মীয়ে বানৰ সময়ত বন্যপ্ৰাণী উদ্ধাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ ডিম্বেশ্বৰ দাসক এই সন্মান দিয়াত আনন্দিত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *