ফুলবাৰীত NGO ৰ মধ্যাহ্ন ভোজন যোগানত বিসংগতি , ভোজনৰ নামত অখাদ্য নিদিবলৈ ছাত্ৰ-ছাত্ৰী, ৰন্ধন কৰ্মীৰ দাবী

কাজিৰঙা লাইভ, মৰঙী, ৫ নৱেম্বৰঃ গোলাঘাটৰ পূৱ শিক্ষাখণ্ডৰ অন্তৰ্গত ফুলবাৰী ক্লাষ্টাৰৰ এখন বিদ্যালয়ত আজি NGO ই মধ্যাহ্ন ভোজনৰ নামত যোগান ধৰা দূৰ্গন্ধময় খাদ্য গ্ৰহণ নকৰিলে বিদ্যালয়খনৰ কোনো এজন ছাত্ৰ-ছাত্ৰীয়ে। খাদ্য গ্ৰহণৰ পৰিৱৰ্ত্তে থালত লৈয়েই পেলাই দিব লগা হয় সকলো ছাত্ৰ-ছাত্ৰীয়েই। খাদ্য যোগান তথা এনেবোৰ বিসংগতিৰ ফলস্বৰূপেই ভয় আৰু শংকাত বিদ্যালয়খনত পূৰ্বৰ তুলনাত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰও ক্ৰমাৎ কমি অহা পৰিলক্ষিত হৈছে। ফলত দেশৰ ভবিষ্যতৰ মানৱ সম্পদ এইসকল ছাত্ৰ-ছাত্ৰী বঞ্চিত হ’ব লগা হৈছে শিক্ষাৰ পৰা ৷ NGO ৰ এনে অখাদ্য যোগানে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে ৷ বিদ্যালয়খনৰ সমূহ ছাত্ৰ-ছাত্ৰী তথা ৰন্ধন কৰ্মীসকলে NGO আৰু চৰকাৰক সংবাদ মাধ্যমৰ জৰিয়তে বিদ্যালয়ত পুনৰ এনে অখাদ্য যোগান ধৰি ভবিষ্যত প্ৰজন্মৰ জীৱনক লৈ হেতালি নেখেলিবলৈ চৰকাৰক আহ্বান জনায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *