জীৱ শ্ৰেষ্ঠৰ নৃশংস কাণ্ড । গোলাঘাটত নাহৰফুটুকী হত্যা কৰি ৰঙাঘৰত সোমাল তিনিজন । তেজপুৰত উদ্ধাৰ বাঘৰ ছাল ,নখ ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৫ নৱেম্বৰ: এইবাৰ গোলাঘাট আৰক্ষীৰ জালত পৰিল চোৰাং বন্যজন্তুৰ অংগ সৰবৰাহ কাৰীৰ চক্ৰ। বাঘ হত্যা কৰি অংগ বিক্ৰীৰ বাবে গোপনে প্ৰেৰণ কৰিছিল তেজপুৰলৈ । এসপ্তাহৰ পুৰ্বে সংঘটিত হোৱা এই নৃশংস ঘটনা সম্প্ৰতি পোহৰলৈ অহাৰ পাছতেই সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ । গোলাঘাট আৰু কাৰ্বিআংলং জিলাৰ সীমান্তবৰ্তী কোৱানী পাহাৰ লাইনত সংঘটিত হৈছিল নাহৰফুটুকী হত্যাৰ নৃশংস ঘটনা । অঞ্চলটোৰ কেইজনমান লোকে গোপনে হত্যা কৰিছিল এটা নাহৰফুটুকী বাঘ । তাৰ পাছত বাঘটোৰ ছাল ,নখ আদি অতি গোপনে বিক্ৰীৰ বাবে প্ৰেৰণ কৰিছিল তেজপুৰলৈ । কিন্তু গোলাঘাট আৰক্ষীয়ে গোপন সুত্ৰে এই খবৰ লাভ কৰাৰ পাছত কোৱানী পাহাৰ লাইনৰ চুভিত টেটে আৰু ইমিন ধানোৱাৰক গ্ৰেপ্তাৰ কৰি সোধাপোছা কৰাত বাঘ হত্যাৰ কথা স্বীকাৰ কৰাৰ লগতে তেজপুৰ চতিয়াৰ জীতেন কেৰকেটাক ছাল আৰু নখ বিক্ৰীৰ বাবে দিয়া বুলিও বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰে আৰক্ষীক। ইয়াৰ পাছতে গোলাঘাট আৰক্ষীৰ এটা দলে তেজপুৰ আৰক্ষীৰ সহযোগত জীতেন কেৰকেটাক গ্ৰেপ্তাৰ কৰাৰ লগতে সামগ্ৰী সমুহ উদ্ধাৰ কৰে । এই ঘটনাৰ লগত আৰু বহু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । অতিকৈ আশ্চৰ্য্যজনক কথা এই যে গোলাঘাট বন বিভাগৰ অধীনত থকা উক্ত অঞ্চলটোত এটা বন বিভাগৰ কাৰ্যালয় থকাৰ পাছতো ঘটনা সন্দৰ্ভত বনবিভাগে এসপ্তাহেও কিয় একোকে খবৰ নাপালে সেই লৈও এতিয়া প্ৰশ্ন উঠাৰ সমান্তৰালভাৱে বনবিভাগৰ সতে’ থকা গোপন মিতিৰালিৰ সন্দেহো প্ৰকাশ কৰিছে বিভিন্ন মহলে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *