চৰকাৰৰ হেমাহিৰ ফলত ধ্বংসৰ গৰাহলৈ সুধাকণ্ঠৰ কাজিৰঙাস্থিত বাসগৃহ

অষ্টম বাৰ্ষিকী মৃত্যু তিথিত নিমাওমাও পৰিবেশ কুঠৰীৰ ঘৰখনত

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৫ নৱেম্বৰ : আজি সুধাকণ্ঠ ড° ভূপেন হাজৰীকাৰ অষ্টম বাৰ্ষিকী মৃত্যু তিথি ৷ মহামানৱ গৰাকীয়ে কাজিৰঙাৰ কুঠৰীত সাজিছিল এটা মৰমৰ ঘৰ ৷ কিন্তুু মেৰামতিৰ অভাৱত জহি খহি গৈছে কাজিৰঙাৰ কুঠৰীৰ ভূপেনদাৰ সেই মৰমৰ ঘৰখন ৷ মৃত্যুৰ আঠটা বছৰ অতিক্ৰমৰ পাছতো চৰকাৰে সংৰক্ষণ নকৰিলে ঘৰখন ৷ অষ্টম বাৰ্ষিকী মৃত্যু দিনটোত কুঠৰীস্থিত বাসভৱনত নিমাওমাও পৰিবেশ ৷ চৰকাৰৰ অৱহেলাৰ প্ৰতি ক্ষোভ উজাৰিলে ১৯৭১ চনৰে পৰা এই ঘৰখনতে ভূপেনদাৰ সৈতে কৈশোৰ অতিবাহিত কৰা সুৰেন নেঁওগে ৷ যি খন ঘৰত ভূপেনদাই ৰচনা কৰিছিল বহু কালজয়ী গীত ৷ নেঁওগৰ আক্ষেপ সোনোৱাল চৰকাৰে মাজুলী কেবিনেটত ঘৰখন সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছিল যদিও আজিলৈকে হৈ নুঠিল ৷উল্লেখ্য যে এটা সময়ত বিক্ৰি হোৱা মাটি খিনিৰ গৰাকীয়ে ভূপেন দাৰ ঘৰটোৰ সৈতে সন্মুখ ভাগ এৰি দিছিল ৷ তথাপিও আজি চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে ভূপেন দাৰ স্মৃতি সংৰক্ষণ কৰাত ৷ কিন্তু চোৰেণ নেওগে সাধ্যাণুসৰি সজতনে ৰাখিবলৈ চেষ্টা কৰিছে সুধাকণ্ঠৰ কোঠাটি ৷ য’ত ভূপেনদাৰ বিছনা খনৰ সৈতে বেৰত আৰি থোৱা আছে মহান শিল্পীগৰাকীৰ জীৱনৰ বহু স্মৃতি লেখা ৷ সুৰেন নেওগৰ চৰকাৰলৈ আহ্বান যে অতি সোনকালে চৰকাৰে ঘৰটো সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক ৷

Leave a Reply

Your email address will not be published. Required fields are marked *