গহপুৰত চোৰাং চিকাৰী গ্ৰেপ্তাৰ, উদ্ধাৰ ৰাইফল

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৫ নৱেম্বৰ: গহপুৰত ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে চোৰাংচিকাৰী গ্ৰেপ্তাৰৰ ঘটনা । চলিত বৰ্ষত কেইবা গৰাকীও চোৰাংচিকাৰী গহপুৰ মহকুমাৰ দক্ষিনাঞ্চলৰ ব্ৰহ্মপুত্ৰ চৰ-চাপৰিৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পাছত আজি পুনৰ গহপুৰত গ্ৰেপ্তাৰ কৰা হয় থ্ৰী নট থ্ৰী ৰাইফল সহ এটা গঁড়ৰ চোৰাংচিকাৰীক ৷ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু হাৱাজান আৰক্ষীৰ যুটীয়া অভিযানত গহপুৰৰ বালিগাঁৱৰ পৰা আটক কৰা হয় এই চোৰাংচিকাৰীটো। ধৃত চোৰাং চিকাৰীটোৰ নাম পবিত্ৰ কামান। ২০১৯ চনৰ মাৰ্চ মাহত অগৰাতলিত আৰু এপ্ৰিল মাহত লখৰা চাপৰিত হোৱা গঁড় হত্যাৰ ঘটনাত জড়িত আছিল ধৃত পবিত্ৰ কামান নামৰ এই চোৰাং চিকাৰীটো ৷ এই চোৰাং চিকাৰীটোৱে সংবাদ মাধ‍্যমৰ আগত জানিবলৈ দিয়া মতে এটা গঁড় হত্যা কৰাৰ বিনিময়ত সিহঁতে লাভ কৰে ৩ লাখকৈ টকা।গঁড়টো হত্যা কৰাৰ পৰৱৰ্তী সময়ত গঁড়ৰ খৰ্গটো কাজিৰঙাৰ পৰা নি মণিপুৰত বিক্ৰী কৰে বুলি ধৃত চোৰাং চিকাৰীটোৱে আজি জানিবলৈ দিয়ে ৷

Photo: Kaziranga National Park

Leave a Reply

Your email address will not be published. Required fields are marked *