প্ৰসংগ: নাহৰণিৰ বাবুলৰ নেতৃত্বত চোৰাং সাঁচিৰ বেহা। তিনিমাহত দুবাৰ জব্দ একেখন ট্ৰাক

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৪ নৱেম্বৰ:
প্ৰতি দিনে পোহৰলৈ আহিছে ৩০ অক্টোবৰৰ নিশা কমাৰগাঁও আৰক্ষীয়ে জব্দ কৰা কোটি টকাৰ সাঁচি ভৰ্তি ট্ৰাকৰ ৰহস্য। ২ নৱেম্বৰৰ দিনা কমাৰগাঁও আৰক্ষীয়ে নুমালীগড় বনবিভাগক নথি পত্ৰ বিহীন ট্ৰাক খন চমজাই দিয়াৰ পাছতে গোলাঘাট জিলাৰ বনবিভাগ ব্যস্ত হৈ পৰিছে সাঁচি কাঠৰ অবৈধ বেহাৰ তদন্তত। গোলাঘাট জিলাৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াই জানিবলৈ দিয়া মতে, সাঁচি ভৰ্তি ট্ৰাক খনৰ কোনো বৈধ নথি সাঁচি বেপাৰীয়ে আজি লৈকে দাখিল কৰিব পৰা নাই। ইতিমধ্যে দেওবাৰে সাঁচি ভৰ্তি ট্ৰাক খন বনবিভাগে বাজেয়াপ্ত কৰি জোখ-মাখ চলাই আছে। লগতে তেওঁ কয় যে, ট্ৰাক খনক চাৰিটা পৰ্য্যায়ত জৰিমনা বিহা হব। আনহাতে যোৱা ২ আগষ্টত চোৰাং সাঁচি সৰবৰাহ কৰোঁতে বোকাখাত আৰক্ষীয়ে জব্দ কৰিছিল AS 01 DC 3673 নম্বৰৰ ১০ চকীয়া একেখন গাড়ী। উল্লেখ যে এইখন ট্ৰাকৰ জৰিয়তে নাহৰণিৰ জনৈক বাবুল নামৰ ব্যৱসায়ী জনে যোৱা ২ আগষ্টৰ নিশা চোৰাং সাঁচি কাঠ সৰবৰাহ কৰোতে বোকাখাত মহকুমা আৰক্ষী বিষয়া কল্যাণ দাসে বোকাখাতৰ ৰাষ্ট্ৰীয় ঘাই পথত জব্দ কৰিছিল । তিনিমাহত দুবাৰকৈ চোৰাং সাঁচি কাঠৰ সৈতে আৰক্ষীৰ জালত পৰা ট্ৰাক খনৰ লগতে ব্যৱসায়ী জনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে গোলাঘাট বন বিভাগে সেইয়াহে লক্ষণীয় হব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *