বোকাখাতত কোষাগাৰ উদ্ধোধন: হিতাধিকাৰীক সামগ্ৰী বিতৰণ মন্ত্ৰী অতুল বৰাৰ ৷

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৪ নৱেম্বৰ: অসম চৰকাৰৰ কৃষি, পশুপালন, আৰু নগৰ উন্নয়ন দপ্তৰৰ মন্ত্রী অতুল বৰাই আজি বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদত নতুনকৈ নিমার্ণ কৰা বােকাখাত উপ-কোষাগাৰ কার্যালয় ভৱনটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । এই উপলক্ষে অনুষ্ঠিত সভাত কৃষি মন্ত্রী অতুল বৰাই কয় যে প্রায় ৯৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা উপকোষাগাৰ ভৱনটিয়ে বােকাখাতৰ এক বহুদিনীয়া সমস্যা সমাধান কৰিলে । ভাষণ প্ৰসংগত মন্ত্রী গৰাকীয়ে বর্তমানৰ ৰাজ্য চৰকাৰখনে ৰাজ্যখনৰ সর্বাংগীন উন্নয়নৰ বাবে লােৱা বিভিন্ন আঁচনি সমূহৰ বিষয়ে উল্লেখ কৰাৰ লগতে বোকাখাত মহকুমাৰ উন্নয়নৰ বাবে লোৱা বিভিন্ন কল্যাণকামী আঁচনিৰ বিৱৰণ ডাঙি ধৰে । বােকাখাত সমষ্টিত বহু সমস্যা আছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে এই সমস্যা সমূহ পর্যায়ক্রমে সমাধান কৰা হৈছে বুলিও উল্লেখ কৰাৰ লগতে মহকুমাটোৰ সর্বাংগীন উন্নয়নৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰে। ইপিনে, মন্ত্রী গৰাকীয়ে কৃষি বিভাগৰ জৰিয়তে ১৩ জন কৃষকক কৃষিৰ বীজ বিতৰণ কৰে ৷ইয়াৰে ভিতৰত ১০ জনক শাক-পাছলিৰ বীজ ,২ জনক পিয়াজৰ বীজ ,১ জনক বাদামৰ বীজ বিতৰণ কৰাৰ লগতে মৌ পালনৰ বাৰে দুগৰাকী হিতাধিকাৰীক মৌ পোহপালনৰ বাকচ প্রদান কৰে। তদুপৰি মহকুমা কল্যাণ বিষয়াৰ জৰিয়েতে অনুসূচীত জাতিৰ ৪ গৰাকী হিতাধিকাৰীক টিনপাত, ১০ গৰাকী হিতাধিকাৰীক পানীৰ ফিল্টাৰ , ৩ গৰাকী হিতাধিকাৰীক ডিজেল পাম্প, ৬ গৰাকী হিতাধিকাৰীক ই-বুকযুক্ত টেবলেট ৪ গৰাকী হিতাধিকাৰীক জেৰক্স মেছিন আৰু ২ গৰাকী হিতাধিকাৰীক কম্পিউটাৰ প্রতীকি ভাৱে বিতৰণ কৰাৰ লগতে অন্যান্য পিছপৰা শ্রেণীৰ ৪ গৰাকী হিতাধিকাৰীক টিনপাত, ১০ গৰাকী হিতাধিকাৰীক পানী ফিল্টাৰ , ২ গৰাকীক চিলাই মেচিন, ১ গৰাকীক ডিজাইন মেচিন, ৬ গৰাকী হিতাধিকাৰীক ই-বুকযুক্ত টেবলেট প্রতীকি ভাৱে বিতৰণ কৰে। ইয়াৰ উপৰিও আজিৰ এই অনুষ্ঠানত বােকাখাত ৰাজহচক্ৰৰ অন্তৰ্গত ৮ গৰাকীলৈ মাটিৰ আৱণ্টন পত্র বিতৰণ কৰা হয়। ইপিনে, সন্ধিয়াৰ ভাগত বোকাখাত মহকুমাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কামকাজৰ অগ্রগতীৰ বিষয়ে সবিশেষ আলােচনা কৰিবৰ বাবে মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত মহকুমা উন্নয়নী সভা অনুষ্ঠিত কৰা হয়। অসম চৰকাৰৰ কৃষি, পশু-পালন, নগৰ উন্নয়ন আৰু খাদ্য সংশাধন বিভাগৰ মাননীয় মন্ত্রী তথা বোকাখাত মহকুমাৰ বিধায়ক অতুল বৰা উপস্থিত আয়োজিত এই উন্নয়নী সভাত কৃষি, পশুপালন, স্বাস্থ্য, জনস্বাস্থ্য-কাৰিকৰী, গড়কাপ্তানী পথ তথা গৃহ, জলসিঞ্চন, হস্ততাঁত-বস্ত্র শিল্পকে আদি কৰি বিভিন্ন বিভাগৰ বিগত তিনি বছৰ হোৱা উন্নয়নমূলক কামকাজৰ খতিয়ান লোৱা হয়। কৃষি মন্ত্রী অতুল বৰাই মহকুমা কৃষি বিভাগক বিভাগীয় আচঁনি কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে কোনাে হিতাধিকাৰীয়েই যাতে কৃষি বিভাগৰ আঁচনি সমূহৰ সুফল লাভৰ পৰা বঞ্চিত নহয় আৰু উপযুক্ত হিতাধিকাৰী নির্বাচিত হয় তাৰ প্রতি বিশেষ দৃষ্টি ৰাখিবলৈও আহ্বান জনায়। সভাত মন্ত্রীগৰাকীয়ে গড়কাপ্তানী পথ সংমণ্ডল বিভাগক সমষ্টিটোৰ সকলােবােৰ বাট-পথ আৰু দলঙৰ নির্মাণ তথা মেৰামতিৰ কাম অনতি পলমে সম্পূর্ণ কৰিবলৈ নির্দেশ দিয়ে। ইয়াৰ লগতে মন্ত্রীগৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগক মহকুমাটোত বিকল হৈ থকা খোৱা পানী যোগানৰ আচঁনি সমূহৰ মেৰামতিৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়াৰ লগতে উপস্থিত অন্যান্য বিভাগৰ বিষয়া সকলক মহকুমাটোৰ সর্বাংগীন উন্নয়নৰ বাবে নিষ্ঠা আৰু সততাৰে চৰকাৰী আঁচনি সমূহৰ সফল ৰূপায়নত মনােনিবেশ কৰিবলৈকো পৰামর্শ দিয়ে। আজিৰ এই সভাত গোলাঘাট জিলাৰ উপাযুক্ত ধীৰেন হাজৰিকা, বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যাম, বোকাখাত পৌৰসভা পৌৰপতি চিত্রা কার্দং, ৰাজহ চক্ৰ বিষয়া খনিন্দ্র দাস, নির্বাচনী বিষয়া নীতিশা বৰা, সহকাৰী আয়ুক্ত ৰণনময় ভৰদ্বাজ, বোকাখাত মহকুমাৰ সংবাদকৰ্মী সকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *