সন্মুখত খালী থাল লৈ লঘোনে ভোকে মধ্যাহ্ন ভোজনৰ আশাত থাকিল নুমলীগড়ৰ ছাত্ৰ-ছাত্ৰী

আজিও যোগান নধৰিলে মধ্যাহ্ন ভোজন।চৰকাৰী নিৰ্দেশনাক উলংঘা এন জি অ’ৰ

কাজিৰঙা লাইভ, নুমলীগড়, ৪ নৱেম্বৰ : এক নৱেম্বৰৰ পৰা মধ্যাহ্ন ভোজন আঁচনিৰ আহাৰ যোগান ধৰিবলৈ এটা এনজিঅ’ক দায়িত্ব দিয়া হৈছিল যদিও আজি তিনি দিনে নুমলীগড়ৰ লেটেকুজান বাগান প্ৰাথমিক বিদ্যালয়ৰ কন কন শিশু খাদ্য পোৱাৰ পৰা বঞ্চিত হল। যাৰ ফলত মধ্যাহ্ন ভোজনৰ আশাত সন্মুখত খালী থাল লৈ দুখেৰে বহি থাকিবলগীয়া হয় ছাত্ৰ-ছাত্ৰীসকল। ইফালে এনজিঅ’টোৱে খাদ্য যোগান ধৰিব বুলি আশা কৰি বিদ্যালয়ৰ ৰান্ধনীয়ে খাদ্য প্ৰস্তুত নকৰাত লঘোনে ভোকে থাকিব লগীয়া হয় কন কন শিশু সকল। আনহাতে বিদ্যালয় কৰ্তৃপক্ষই গমেই নাপাই কোন NGO ক খাদ্য যোগানৰ দায়িত্ব দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *