বোকাখাতত পানী যুঁৱলীত মৃতদেহ উদ্ধাৰ

কাজিৰঙা লাইভ, বোকাখাত, ৪ নৱেম্বৰ :
সোমবাৰে বোকাখাতৰ বি ডি এম পথৰ সমীপৰ পানী যুঁৱলীত উদ্ধাৰ হয় এটা মৃতদেহ ৷ মৃত লোকজন বোকাখাত ডিফলু চাহ বাগিছাৰ ভদলু তাঁতী বুলি চিনাক্ত হৈছে ৷ কালিৰ পৰা সন্ধৰনহীন হৈ আছিল মৃত ভদলু তাঁতী ৷ বৰ্তমানো মৃত্যুৰ কাৰণ জানিব পৰা নাই যদিও প্ৰাথমিকভাৱে দুৰ্ঘটনা বুলি জনাইছে বোকাখাত আৰক্ষীয়ে ৷ ইতিমধ্যে বোকাখাত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *