বন্যহস্তীৰ উপদ্ৰৱত শংকিত ৰাইজ,ব্যৰ্থ বনবিভাগ

কাজিৰঙা লাইভ, মৰঙী , ৪ নৱেম্বৰ :
গোলাঘাটৰ মৰঙী অঞ্চলত বন্যহস্তীৰ ত্ৰাসত প্ৰতিদিনে সংঘটিত হৈ আহিছে বিক্ষিপ্ত ঘটনা ৷ ঘৰ-দুৱাৰ ভাঙি, খেতি-পথাৰ বিনষ্ট কৰাৰ লগতে মানুহক আক্ৰমণৰ ঘটনা সঘনাই সংঘটিত হৈছে অঞ্চলসমুহত ৷ উল্লেখ্য যে বন্যহস্তীৰ ত্ৰাসত মৰঙীৰ পোৰাজংঘল, ধলাগাওঁ‌, মুৰফুলানী, ফুলবাৰী, ফলঙনী আদি অঞ্চলত প্ৰতিদিনে ৰাইজ শংকিত হৈ পৰিছে ৷ খেতি-পথাৰ, ঘৰ-দুৱাৰ বিনষ্ট, মানুহক আক্ৰমণ আদি ঘটনা নিত্য নৈমত্তিক হৈ পৰিছে ৷ ইয়াৰ পিছতো নিৰৱ ভূমিকা বনবিভাগৰ। দেওঁবাৰে নিশাও পোৰাজংঘল গাওঁত বন্যহস্তীয়ে এজন ব্যক্তিক আক্ৰমণ কৰে। বৰ্তমান তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ আছে। বৰ্তমান সময়ত প্ৰায় যোৱা এমাহ ধৰি সন্ধিয়া হ’লেই এই অঞ্চল সমূহৰ ৰাইজ যথেষ্ট ভয় আৰু শংকাত জীৱন অতিবাহিত কৰিব লগা হৈছে। বন্যহস্তী খেদাত ব্যৰ্থ বনবিভাগক ৰাইজৰ আহ্বান অতি সোনকালে বিহিত ব্যৱস্থা লওক বনবিভাগে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *