থলুৱা কাৰ্বি খাদ্যৰ সোৱাদ লৈ কাজিৰঙাএৰিলে ফৰাছী ৰাষ্ট্ৰদূতে

কাজিৰঙা লাইভ, কলিয়াবৰ, ৩ নৱেম্বৰ: দুদিনীয়া কাজিৰঙা ভ্ৰমণ সূছী সামৰি ৰাওনা হ’ল ফ্ৰান্সৰ ৰাষ্ট্ৰদুত ইমানুৱেল লেনাইন সহ ৫ জনীয়া প্ৰতিনিধি দলটি ৷ ৰাষ্ট্ৰপতি সহ দলটি পুৱা হাতী ছাফাৰিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি দুপৰীয়া আহি উপস্থিত হয় বুঢ়াপাহাৰ বনাঞ্চলৰ নতুন দাংগাৰ “CHORAN AHEM” নামৰ কাৰ্বি এথনিক ফুড চেন্টাৰত । প্ৰশাসনৰ হৈ মহকুমাধিপতি বিতোপন নেওগে ৰাষ্ট্ৰদূত গৰাকীৰ সৈতে অহা ৫ জনীয়া দলটিক একোখন গামোচাৰে আদৰণি জনায় । নতুন দাংগাৰ কাৰ্বি এথনিক ফুড চেন্টাৰত ৰাষ্ট্ৰদূত গৰাকীৰ সৈতে ৫ জনীয়া দলটিক কাৰ্বি পৰম্পৰাৰে আদৰণি জনায় নতুন দাংগাবাসীয়ে। ৰাষ্ট্ৰদূতৰ লগতে দলটিয়ে থলুৱা কাৰ্বি খাদ্যৰ লগতে তিলপিঠা, লস্কৰা, কাঁহৰ বাটিত বৰাচাউল-গুৰৰ জুতি লৈ শলাগ লয় গাওঁবাসীৰ । ইয়াৰ পাছতে ৰাঙলুত EDC ৰ ধনৰে স্থাপন কৰা হস্ততাঁত বয়ন কেন্দ্ৰটিও পৰিদৰ্শন কৰে ৰাষ্ট্ৰদূত গৰাকীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *