নাগালেণ্ডৰ ভুৱা নথিৰে অসমত সৰবৰাহ হয় সাঁচি। কমাৰগাঁৱত জব্দ সাঁচি ভৰ্তি ট্ৰাককলৈ বন বিভাগৰ তদন্ত অব্যাহত

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩ নৱেম্বৰ: কাজিৰঙা লাইভৰ ধাৰাবাহিক বাতৰিৰ পাছতে কমাৰগাঁও আৰক্ষীয়ে নুমালীগড় খণ্ড বন বিভাগক চমজাই দিয়া সাঁচি ভৰ্তি ট্ৰাকখনকলৈ অধিক ৰহস্যৰ সৃষ্টি হৈছে । পাঁচ দিন উকলি যোৱাৰ পাছতো সাঁচি কাঠৰ ব্যৱসায়ীয়ে বৈধ নথি-পত্ৰ আৰক্ষী আৰু বন বিভাগৰ ওচৰত জমা দিব নোৱাৰাৰ তথ্য প্ৰকাশ পাইছে । প্ৰায় কোটি টকাৰ সাঁচি কাঠ থকা গাড়ীখনৰ তদন্ত অব্যাহত ৰাখি গোলাঘাট বন বিভাগৰ গোলাঘাট বনাঞ্চলিক বিষয়াই আজি নুমালীগড় খণ্ড বন বিষয়া কাৰ্যালয়লৈ আহি তদন্তৰ বুজ লয় ।
ইফালে, কাজিৰঙা লাইভৰ হাতত আহি পৰা এক তথ্য অনুসৰি, অসমত চলা সাঁচি সৰবৰাহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় নাগালেণ্ডৰ ভুৱা নথি । নাগালেণ্ডৰ পৰা নথি-পত্ৰ বনাই আনি একাংশ অসাধু ব্যৱসায়ীয়ে এই ৰমৰমীয়া বেহা চলাই থকাৰ বুলি বিশেষ তথ্যত জানিব পৰা গৈছে । উল্লেখ্য, যোৱা ৩০ অক্টোবৰৰ নিশা কমাৰগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত কমাৰগাঁও আৰক্ষীয়ে বিশেষ সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত জব্দ কৰিছিল সাঁচি কাঠ ভৰ্তি AS 01 DC 3673 নম্বৰৰ এখন ১০ চকীয়া ট্ৰাক । দেৰগাঁও নাহৰণিৰ জনৈক বাবুল আলী নামৰ এজন লোকৰ নেতৃত্বত অহা নথি পত্ৰ বিহীন ট্ৰাক খনত আছিল প্ৰায় কোটি টকাৰ সাঁচি কাঠ । জনৈক বাবুলক কমাৰগাঁও আৰক্ষীয়ে নথি পত্ৰ দাখিল কৰিবলৈ সময় দিছিল যদিও আজিকোপতি সেয়া সম্ভৱ হৈ নুঠিল । তথ্য মতে, ব্যৱসায়ীজনে নাগালেণ্ডৰ পৰা নথি-পত্ৰ বনাই পূৰ্বতেও এনেদৰে সৰবৰাহ কৰি আহিছে সাঁচি কাঠ । এইবাৰো নাগালেণ্ডত নথি-পত্ৰ যোগাৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । এতিয়া প্ৰশ্ন হয় পূৰ্বৰ দৰে ব্যৱসায়ী জনে আৰক্ষী আৰু বনবিভাগৰ চকুত ধূলি দি সাৰি যাব নে বনবিভাগে ফাদিল কৰিবলৈ সক্ষম হব এই বৃহৎ জালিয়াতি ৷

Leave a Reply

Your email address will not be published. Required fields are marked *