কাজিৰঙা বন বিভাগ আৰু আৰক্ষীৰ জালত দুধৰ্ষ চোৰাং চিকাৰী

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩ নৱেম্বৰ: কাজিৰঙাৰ বন বিভাগ আৰু বিশ্বনাথ আৰক্ষীৰ যৌথ অভিযানত শনিবাৰে নিশা বিশ্বনাথৰ মিছামাৰীৰ পৰা কৰায়ত্ত হয় দাম্বে কুটুম নামৰ এটা দূধৰ্ষ চোৰাং চিকাৰী ৷ যোৱা ৩১ অক্টোবৰত কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনাৰে আহি থকা অৱস্থাত ব্ৰহ্মপুত্ৰৰ ৰোহিতা চাপৰিত বনবিভাগৰ হাতত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন অস্থায়ী বনকৰ্মী সহ আন এটা চোৰাং চিকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত কৰায়ত্ত কৰে দাম্বে কুটুম নামৰ চোৰাং চিকাৰীটোক ৷ উল্লখ্য যে পূৰ্বে বনবিভাগে গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰী দুটাৰ পৰা উদ্ধাৰ হৈছিল অস্ত্ৰ সস্ত্ৰ সহ বহু আপত্তি জনক সামগ্ৰী ৷

Leave a Reply

Your email address will not be published. Required fields are marked *