কাৰ্গিল যুদ্ধৰ ২০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৪৪০০ কিঃমিঃ দৌৰ ভাৰতীয় বায়ুসেনাৰ

কাজিৰঙা লাইভ, বোকাখাত, ৩ নৱেম্বৰ: হাতত ভাৰতীয় জাতীয় পতাকা, মুখত ভাৰত মাতা কি জয় শ্ল’গানেৰে কাজিৰঙাত উপস্থিত হল ভাৰতীয় বায়ু সেনাৰ ৩২ জন জোঁৱান ৷ কাৰ্গিল যুদ্ধৰ ২০ বছৰ পূৰ্ণ হোৱাৰ বাবে কাৰ্গিলৰ পৰা কহিমালৈ ৪৪০০ কিঃমিঃ কাৰ্গিল সোঁৱৰণী দৌৰ আৰম্ভ কৰিছিল ভাৰতীয় বায়ু সেনাই৷ কাৰ্গিল যুদ্ধৰ সোঁৱৰণত ভাৰতীয় বায়ুসেনাৰ কাৰ্গিল ৰান ৷ কাৰ্গিল যুদ্ধ ক্ষেত্ৰৰ পৰা ২১ অক্টোবৰত আৰম্ভ হোৱা এই দৌৰ অহা ৫ নৱেম্বৰত কহিমাত সামৰণী পৰিব ৷ সমুদ্ৰপৃষ্ঠৰ পৰা ১০ হাজাৰ ২০০ ফুট উচ্চতাত আৰম্ভ কৰা দৌৰত প্ৰতি দিনে এশ কিঃমিঃ সামৰি লয় জোঁৱান সকলে ৷ সমান্তৰাল ভাৱে স্বচ্ছ, সেউজ আৰু ফিট ফৰ ৰানৰো প্ৰচাৰ চলাই আহিছে দলটোৱে ৷ যাত্ৰা পথত পোৱা বিদ্যালয়, মহাবিদ্যালয়ত সেনাত ভৰ্তি হবলৈও প্ৰচাৰ চলাইছে দলটোৱে ৷ ইতিমধ্যে দলটোৱে জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ, হাৰিয়ানা, পাঞ্জাৱ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰি সোমবাৰে নাগালেণ্ডত প্ৰৱেশ কৰিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *