কাজিৰঙাত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত। বুজলয় ফ্ৰান্স প্ৰকল্পৰ ধনেৰে নিৰ্মাণ কৰা ৩৩ টা হাইলেণ্ডৰ লগতে বিভিন্ন অনুদানৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩ নৱেম্বৰ: কাজিৰঙাত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ইমানুৱেল লেনাইন সহ ৫ জনীয়া প্ৰতিনিধিৰ দল ৷ শনিবাৰে কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্ৰদূত জনে বুজলয় ফ্ৰান্স প্ৰকল্পৰ অনুদানৰ যোগেদি হোৱা উন্নয়নৰ কাম ৷ কাজিৰঙাত ফ্ৰান্স প্ৰকল্পৰ ধনেৰে হোৱা উন্নয়নত সন্তুষ্টি প্ৰকাশ কৰে ৰাষ্ট্ৰদূত গৰাকীয়ে ৷ আনহাতে দেওবাৰে পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী কৰি আপ্লুত হৈ পৰে ফ্ৰান্স ৰাষ্ট্ৰদূত ইমানুৱেল লেনাইন সহ প্ৰতিনিধি দলটো৷ কালিলৈ গুৱাহাটীত অসম চৰকাৰৰ বনবিভাগ আৰু ফ্ৰান্স চৰকাৰৰ মাজত হব লগা বুজা বুজি চুক্তিত কাজিৰঙাৰ উন্নয়নৰ বাবে আৰু ধন প্ৰদান কৰাৰ সম্ভাৱনা ৷ উল্লেখ্য যে ফ্ৰান্স প্ৰজেক্টৰ অধীনত কাজিৰঙাত নিৰ্মাণ কৰা হৈছে ৩৩ টা হাইলেণ্ড ৷ তদুপৰি নিৰাপত্তাত ব্যৱহৃত বাহন, বন শিৱিৰ, বাট পথ আদি নিৰ্মানৰ বাবেও কাজিৰঙালৈ ফ্ৰান্স প্ৰজেক্টৰ অধীনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে লাভ কৰিছে আহিছে বৃহৎ পৰিমানৰ ধন৷ ইফালে ফ্ৰান্স প্ৰকল্পৰ অধীনত কালিলৈ গুৱাহাটীত স্বাক্ষৰীত হব লগা বুজাবুজি চুক্তিত অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মানৰ বাবে ৫ কোটি টকাৰ অনুদান প্ৰদান কৰাৰ আশা প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ ইফালে সোমবাৰে হাংগেৰীৰ ৰাষ্টদুত গিউলা পেথই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব বুলি জানিব পৰা গৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *