মন্ত্ৰী অতুল বৰা সমষ্টি বোকাখাতত এটা বিধ্বস্ত পথে ষট্‌ পূজা উদ্‌যাপন দিছে বাধা ৷ খহনীয়া ৰোধৰ বাবে অহা ১৬.৩৭ লাখ টকা কাৰ পকেটত সোমাল – স্থানীয় ৰাইজৰ প্ৰশ্ন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২ নৱেম্বৰঃ
শনিবাৰে সন্ধিয়া সমগ্ৰ দেশৰ লগতে অসমত বসবাস কৰা ভোজপুৰী সম্প্ৰদায়ৰ লগতে অন্যান্য সম্প্ৰদায়ৰ লোকসকলেও উদ্‌যাপন কৰিছে ষট্‌ পূজা ৷ উল্লেখ্য, বোকাখাতৰ ১ নং ৱাৰ্ডৰ মৰিধনশিৰিৰ পাৰত প্ৰতিবছৰে সূৰ্য্য দেৱতা আৰু সূৰ্য্য দেৱতাৰ ভগ্নী ষঠী মাঁক পূজা কৰে ভক্ত সকলে ৷ শনিবাৰে সন্ধিয়া সূৰ্য্যস্তৰৰ পূৰ্বেই ষঠী মাঁক অৰ্ঘ্য দিয়াৰ দিয়াৰ পাছত পুনৰ দেওবাৰে সূৰ্য্য উদয় হোৱাৰ পূৰ্বে পুৱা সূৰ্য্য দেৱতাক অৰ্ঘ্য দিব ভক্ত সকলে ৷ কিন্তু এইবাৰ ষট্‌ পূজা উদ্‌যাপন বাধা প্ৰদান কৰিছে এটা বিশেষ পথে ৷ যাৰ বাবে সমস্যাত পৰিছে ভক্তপ্ৰাণ ৰাইজ ৷ বোকাখাতৰ নগৰৰ ১ নং ৱাৰ্ডৰ বি ডি এম পথৰ পৰা ষঠী ঘাটলৈকে প্ৰায় দুশ মিটাৰ দৈৰ্ঘ্যৰ এই পথচোৱা মৰিধনশিৰিৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবৰ বাবে ২০১৬-১৭ বৰ্ষত এক বৃহৎ ধন আৱন্টন দিয়া হৈছিল ৷ বোকাখাত পৌৰসভাই এচ.চি.এচ.পি আঁচনিৰ অধীনত ষট্‌ পূজা উদ্‌যাপন কৰা ঘাটৰ লগতে অঞ্চলটোৰ ৭/৮ খন গাঁও সংযোগী এই পথচোৱা গৰাখহনীয়াৰ পৰা ৰোধ কৰি চি চি ব্লকেৰে নিৰ্মাণ কৰিবৰ বাবে ১৬ লাখ ৩৭ হাজাৰ টকাৰ এক আঁচনি গ্ৰহণ কৰিছিল ৷ ইতিমধ্যে, দুবছৰ পূৰ্বেই চৰকাৰে চাৰে এঘাৰ লাখ টকা মুকলি কৰি দিছিল এই পথচোৱা নিৰ্মাণৰ বাবে ৷ স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই ২০১৭ চনত এই পথ নিৰ্মাণৰ আধাৰশিলাও কৰিছিল ৷ কিন্তু বিগত দুটা বছৰে এই পথত নপৰিল এচপৰাও চি চি ব্লক ৷ নিৰ্মাণ কৰা ন’হল গৰাখহনীয়া ৰোধৰ প্ৰতিৰোধী বেৰ ৷ যাৰবাবে গৰাখহনীয়াৰ কবলত পৰা এই পথটোৰ বাবে ষট্‌ পূজা উদ্‌যাপনৰ ক্ষেত্ৰত যথেষ্ট বাধা আহি পৰিছে ৷ স্থানীয় ৰাইজে নিজে দান-বৰঙণিৰে মাটি পেলোৱাৰ লগতে বাঁহেৰে কিছু অংশ নিজেই নিৰ্মাণ কৰি যাতায়াতৰ বাবে সুচল কৰি তুলিছে ৷ অৱশ্যে ইয়াৰ মাজতো শনিবাৰ আৰু দেওবাৰে মহা ধুমধামেৰে ভক্ত সকলে ষট্‌ পূজা উদ্‌যাপনৰ প্ৰস্তুতি সম্পন্ন কৰি পূজা আৰম্ভ কৰিছে ৷ ইপিনে, দুটা বছৰৰ পূৰ্বেই এই পথচোৱা নিৰ্মাণৰ বাবে চৰকাৰে আৱন্টন দিয়া ১৬ লাখ ৩৭ হাজাৰ টকা কাৰ পকেটত সোমাল ইয়াকলৈ স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰাৰ লগতে তদন্তৰ দাবী জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *