মৰঙিত বন্যহস্তীৰ উপদ্ৰৱ হ্ৰাস কৰিবলৈ অভিনৱ কৌশল

হাতী অহা যোৱা কৰা পথত স্থাপন জিৰাফৰ মূৰ্তি, বিফল মানৱৰ চতুৰ বুদ্ধি

কাজিৰঙা লাইভ, মৰঙী, ২ নৱেম্বৰ : যি সময়ত মৰঙি তথা গোলাঘাট জিলাত হাতী মানুহৰ সংঘাতে ভয়াবহ ৰূপ ধাৰণ কৰাৰ লগতে জাকে জাকে বন্য হস্তীয়ে বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি দিনে নিশাই ত্ৰাসৰ সৃষ্টি কৰিছে সেই সময়তে মৰঙিৰ ধলাগুৰি চাহ বাগিচাৰ কৰ্তৃপক্ষই বন্য হস্তীৰ উপদ্ৰৱৰ পৰা নিজৰ চাহ বাগিচাখনৰ লগতে অঞ্চলটো ৰক্ষা কৰিবলৈ গ্ৰহণ কৰিছিল এক অভিনৱ কৌশল । বাগিছাখনৰ মাজেৰে হাতী অহা যোৱা কৰা পথত বৃহৎ আকাৰৰ জিৰাফৰ মূৰ্তি স্থাপন কৰি হাতীৰ গতিপথ সলনি কৰাৰ চেষ্টা কৰিছিল বাগিছা কৰ্তৃপক্ষই।পৰীক্ষামূলক ভাৱে বাগিচাৰ মাজত স্থাপন কৰিছিল এটা জিৰাফৰ মূৰ্তি, কিন্তু হাতী এবিধ জ্ঞানী জন্তু সেয়ে তেওঁলোকৰ পথ সলনি কৰাত ব্যৰ্থ হল মানৱৰ চতুৰ বুদ্ধি।বন্য হস্তীৰ জাকে  পুৱতি নিশা  ভাঙি থৈ গ’ল জিৰাফৰ মূৰ্তিটো । উক্ত পথটোৰে জাকে জাকে বন্য হস্তী প্ৰৱেশ কৰি দৈনিক ধলাগুৰি চাহ বাগিচাৰ চাহ গছ, বাগিচাৰ বেৰা ভাঙি তহিলং কৰে । যিহেতু সমগ্ৰ অঞ্চলটো বিগত সময়ত বন্য হস্তীৰ বিচৰণ স্থলী ও অহা যোৱা কৰা পথ আছিল ।বৰ্তমান সময়ত সেই সমূহ অঞ্চল চাহ বাগিচা আৰু মানুহৰ বসতিস্থল হল। কিন্তু বন্য হস্তীয়ে নিজৰ বসতিস্থল বা পথ কেতিয়াও নাপাহৰে সেয়ে মানৱৰ চতুৰ বুদ্ধি বা জিৰাফৰ মূৰ্তি স্থাপন কৰি যে গতি পথ সলনি কৰিব নোৱাৰে তাৰ এক জ্বলন্ত প্ৰমাণ পোৱা গল।

Leave a Reply

Your email address will not be published. Required fields are marked *