অৱশেষত বনবিভাগক কমাৰগাঁও আৰক্ষীয়ে হস্তান্তৰ কৰিলে সাঁচি ভৰ্তি ট্ৰাক। বাবুলৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ দাবী দল সংগঠনৰ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২ নৱেম্বৰ: কাজিৰঙা লাইভৰ বাতৰিৰ প্ৰভাৱ। কাজিৰঙা লাইভৰ ধাৰাবাহিক বাতৰিৰ পাছতেই কমাৰগাঁও আৰক্ষীয়ে নুমলীগড়ৰ খণ্ড বনবিষয়াৰ কাৰ্যালয়ক চমজাই দিলে বুধবাৰে নিশা জব্দ কৰা সাঁচি ভৰ্তি ট্ৰাকখন। উল্লেখ যে, যোৱা বুধবাৰে নিশা কমাৰগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত কমাৰগাঁও আৰক্ষীয়ে বিশেষ সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত জব্দ কৰিছিল সাঁচি কাঠ ভৰ্তি AS 01 DC 3673 নম্বৰৰ এখন ১০ চকীয়া ট্ৰাক । দেৰগাঁও নাহৰণিৰ জনৈক বাবুল আলী নামৰ এজন লোকৰ নেতৃত্বত এই সাঁচি ভৰ্তি ট্ৰাক খনত প্ৰায় কোটি টকাৰ সাঁচি লৈ যোৱা হৈছিল হোজাইৰ নীলবাগানলৈ। ৰহস্যজনক কাৰণত আৰক্ষীয়ে যোৱা তিনিটা দিনে বনবিভাগক চমজাই নিদিয়া গাড়ী খনৰ গৰাকীক যাৱতীয় নথি-পত্ৰ জমা দিবলৈ সময় দিছিল। কিন্তু কমাৰগাঁও আৰক্ষীক সাঁচি কাঠৰ বেপাৰীয়ে এই সম্পৰ্কীয় কোনো ধৰণৰ নথি-পত্ৰ বৰ্তমান পৰ্যন্ত দাখিল কৰিব নোৱাৰাত আৰক্ষীয়ে আজি এই গাড়ীখন চমজাই দিয়ে নুমলীগড় খণ্ড বন বিষয়াৰ কাৰ্য্যালয়ক। খণ্ড বন বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত বনৰক্ষীৰ দলে গাড়ীখন তদন্তৰ বাবে খুলি দিওঁতে ওলাই পৰিল বস্তাই বস্তাই সাচিঁ কাঠৰ টুকুৰাৰ লগতে সাঁচি কাঠৰ কোণ্ডা। ইতিমধ্যেই বন বিভাগে গাড়ী আৰু অবৈধ সাঁচি কাঠ খিনিৰ ওপৰত ব্যবস্থা লোৱাৰ কথা সদৰী কৰিছে। আনহাতে, এই অবৈধ সাঁচি কাঠ ভৰ্তি ট্ৰাক খনৰ লগতে নথি-পত্ৰ নোহোৱাকৈ চোৰাং সাঁচি কাঠৰ ব্যৱসায় চলোৱা বাবুল আলী নামৰ লোকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে বিভিন্ন দল সংগঠনে। তেওঁলোকে লগতে কয় যে, অবৈধ সাঁচি কাঠৰ ট্ৰাক খনৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত বন বিভাগে কি ধৰণৰ তদন্ত তথা ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব সংগঠনৰ সকলোৱেই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *