কমাৰগাঁৱত জব্দকৃত সাঁচি কাঠৰ সম্পূৰ্ণ হল জোখ-মাখ, ৮ পৰা ১০ লাখ পৰ্যন্ত হব জৰিমনা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৭ নৱেম্বৰ: যোৱা ৩০ অক্টোবৰ তাৰিখে কমাৰগাঁও আৰক্ষীয়ে নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই জব্দ কৰিছিল এখন সাঁচি কাঠ ভৰ্তি ১০ চকীয়া ট্ৰাক। দেৰগাঁও নাহৰণিৰ জনৈক বাবুল নামৰ লোক জনৰ নেতৃত্বত অহা AS 01 DC 3673 সাঁচি ভৰ্তি ট্ৰাক খনত নাছিল কোনো বৈধ নথি পত্ৰ। কমাৰগাঁও আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰত সাঁচি কাঠৰ মালিকক বৈধ নথি দাখিল কৰিবলৈ জাননী দিছিল যদিও সাঁচি মালিকে কাঠ খিনিৰ কোনো বৈধ নথি দাখিল কৰিব নোৱাৰিলে। অৱশেষত ২ নৱেম্বৰ তাৰিখে কমাৰগাঁও আৰক্ষীয়ে নুমালীগড় খণ্ড বন বিষয়া কাৰ্যালয়ত চমজাই অবৈধ সাঁচি কাঠৰ ট্ৰাক খন। বিগত পাঁচ দিন ধৰি সাঁচি কাঠখিনিকলৈ তদন্ত অব্যাহত ৰাখিছে বন বিভাগে। গোলাঘাটৰ ডি এফ অ’ ভাস্কৰ ডেকাই জানিবলৈ দিয়া মতে, ট্ৰাক খনত আছিল ৩৫০০ কে: জি: সাঁচি কাঠ। যিখিনি কাঠৰ কোনো নথি পত্ৰ আজিও কাঠৰ মালিকে দাখিল কৰা নাই। জানিব পৰা মতে, সাঁচি কাঠৰ বজাৰ মূল্য প্ৰতি কিলোত ৫০০ টকাৰ পৰা ৫০,০০০ টকা পৰ্যন্ত হয়। বিভিন্ন ধৰণৰ সাঁচিৰ বজাৰ মূল্য বেলেগ বেলেগ। ট্ৰাক খনত কোটি টকাৰ সাঁচি কাঠ থকাটো প্ৰায় নিশ্চিত। সেই অনুসৰি প্ৰায় ৮ ৰ পৰা ১০ লাখ পৰ্যন্ত সাঁচি কাঠৰ ব্যৱসায়ীয়ে জৰিমনা ভৰিব লাগিব বুলি জানিবলৈ দিয়ে ডি অফ অ’ গৰাকীয়ে। আনহাতে, পূৰ্বতে এইখন বাহনেৰে বাবুল নামৰ লোকজনে সাঁচি কাঠ সৰবৰাহ কৰোতে বোকাখাত আৰক্ষীয়ে জব্দ কৰিছিল ট্ৰাকখন। যোৱা ২ আগষ্টৰ নিশা বোকাখাত মহকুমা আৰক্ষী বিষয়া নেতৃত্বত যোৱা এটা দলে বোকাখাত টাউনৰ মাজমজিয়াত জব্দ কৰিছিল ট্ৰাকখন। উল্লেখ যে, বাবুল নামৰ ব্যৱসায়ী জনে নাগালেণ্ডত সাঁচি কাঠৰ ভুৱা নথি পত্ৰ প্ৰস্তুত কৰাৰ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *