কলিয়াবৰ শালনাত বন্যহস্তীৰ আক্রমণত নিহত এজন

কাজিৰঙা লাইভ, কলিয়াবৰ, ৭ নৱেম্বৰ: কলিয়াবৰ শালনাত বনৰীয়া হাতীৰ আক্ৰমনত এজন নিহত । নিহত লোকজনৰ নাম কাণ্ডা গ’ড় (৫০)। জানিব পৰা মতে, বাগিচাত কাম কৰি ঘৰলৈ গৈ থকাৰ সময়ত সন্ধ্য প্ৰায় ৬ বজাত শালনা মিলনবস্তিত হাতীৰে মুখামুখি হোৱাত আক্ৰমন কৰে হাতীটোৱে । হাতীৰ আক্ৰমণত গুৰুতৰ আঘাত প্ৰাপ্ত কাণ্ডা গ’ড় ঘটনাস্থলীতে মৃত্যু হয় বুলি জানিব পৰা গৈছে। ইতিমধ্যে বনবিভাগৰ লোক উপস্থিত হৈছে ঘটনাস্থলীত।

Leave a Reply

Your email address will not be published. Required fields are marked *