দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূতৰ কাজিৰঙা ভ্ৰমণ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২ নৱেম্বৰ: কাজিৰঙাত এতিয়া পৰ্যটনৰ বতৰ ৷ জীপ ছাফাৰী, হাতী ছাফাৰী সকলোতে দেশী বিদেশী পৰ্যটকে উখল মাখল পৰিবেশৰ সৃষ্টি কৰাৰ লগতে উপস্থিত হৈছে বিদেশৰ বহু গণ্য মান্য ব্যক্তি ৷ শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূত চিন বংকিলে ৷ গুৱাহাটীত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশলৈ পৰিয়াল সহ কাজিৰঙাত উপস্থিত হোৱা ৰাষ্ট্ৰদূত গৰাকীয়ে কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি আপ্লুত হৈ পৰে ৷ কাজিৰঙাক আফ্ৰিকাৰ লগত তুলনা কৰি কাজিৰঙালৈ পুনৰ আহিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে চিন বংকিলে৷ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি ৰাষ্ট্ৰদূত গৰাকীয়ে মিহিমুখত বনবিভাগ সংগ্ৰাহালয় দৰ্শন কৰে ৷ৰাষ্ট্ৰদূত গৰাকীৰ কাজিৰঙা দৰ্শৰৰ সময়ত সংগ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *