কমাৰগাঁৱৰ ধোদাঙত অসম সত্ৰ মহাসভাৰ মধ্যকালীন অধিৱেশনৰ লাইখুঁটা স্থাপন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১ নৱেম্বৰঃ
৫৩ সংখ্যক অসম সত্ৰ মহাসভাৰ মধ্যকালীন অধিৱেশনখনি অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত আৰু কমাৰগাঁৱৰ ধোদাং বৰ নামঘৰৰ আতিথ্যত চলিত বৰ্ষৰ অহা ২০ ডিচেম্বৰ পৰা ৩০ ডিচেম্বৰলৈকে আয়োজন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে উদ্যোক্তা সমিতিয়ে । উল্লেখ্য মধ্যকালিন অধিবেশনৰ লগত সংগতি ৰাখি ১১ দিনীয়াকৈ ভাওনা সমাৰোহ অনুষ্ঠিত হব ৷ ফলত আজি অসম সত্ৰ মহাসভাৰ মধ্যকালীন অধিবেশনৰ সংগতি ৰাখি ধোদাং বৰ নামঘৰৰ সমীপত লাই খুঁটা স্থাপন কৰে । আয়তিৰ মঙ্গল উৰুলি, খোল, ডবা, শংখ শব্দৰে বৈদিক নীতি-নিয়মেৰে লাইখুঁটা স্থাপন কৰে কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ গোপাল চন্দ্ৰ দেৱ গোস্বামীয়ে । উল্লেখ্য, এই অধিবেশনত ৰাজ্যখনৰ ১২৪২ খন সৰু-বৰ সত্ৰৰ প্ৰতিনিধিয়ে অংশ লব আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, সাংস্কৃতিক দপ্তৰ মন্ত্ৰী নৱ দলে, কৃষি মন্ত্ৰী অতুল বৰা, মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী, সাংস্কৃতিক আয়ুক্ত প্ৰীতম শইকীয়া, সঞ্চালক বিষ্ণু কমল বৰাৰ লগতে অসমৰ সত্ৰ সমূহৰ সত্ৰাধিকাৰ সকলে অংশ লব ।

Leave a Reply

Your email address will not be published. Required fields are marked *