প্ৰসংগঃ চোৰাং সাঁচিৰ বেহা, কমাৰগাঁৱত জব্দ কোটি টকাৰ সাঁচি কাঠ। আৰক্ষী জড়িত থকাৰ অভিযোগ কমাৰগাঁও চুতীয়া ছাত্র সন্থাৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ , ০১ নৱেম্বৰঃ কমাৰগাঁৱত বুধবাৰে নিশা জব্দ হোৱা কোটি টকাৰ সাঁচি কাঠ ভৰ্তি ট্ৰাককলৈ ৰহস্যৰ সৃষ্টি । চোৰাং সাঁচি ব্যৱসায়ীক নথি পত্ৰ যোগাৰ কৰিবলৈ দুদিন সময় দিয়াক লৈ জাঙুৰ খাই উঠিছে কমাৰগাঁও চুতীয়া ছাত্র সন্থা । এই অবৈধ ব্যৱসায়ীৰ লগত গোলাঘাট আৰক্ষী জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ছাত্র সংগঠনটোৱে । লগতে তদন্তকাৰী বিষয়াক সংবাদ মাধ্যমৰ আগত মুখ নুখুলিবলৈ নিৰ্দেশ দিয়া গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ ভূমিকাকলৈও সমালোচনা কৰে সংগঠনটোৱে । উল্লেখ্য, কমাৰগাঁও আৰক্ষীয়ে বুধবাৰে নিশা কমাৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই জব্দ কৰে সাঁচি কাঠ ভৰ্ত্তি এখন পাঞ্জাৱ বডী ট্ৰাক। কমাৰগাঁও থানৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে বিশেষ সূত্ৰ ভিত্তিত দেৰগাঁও নাহৰণিৰ পৰা হোজাই নীলবাগানলৈ কোটি টকা মূল্যৰ সাঁচি কাঠ সৰবৰাহ কৰি থকা অৱস্থাত AS 01 DC 3673 নম্বৰৰ দহচকীয়া পাঞ্জাব বডী ট্ৰাক খন জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, দেৰগাঁৱৰ নাহৰণিৰ জনৈক বাবুল আলি নামৰ লোকজনে কোনো নথি পত্ৰ নোহোৱাকৈ সৰবৰাহ কৰিছিল বৃহৎ মূল্যৰ সাঁচি কাঠখিনি । বাবুল আলি নামৰ লোকজনৰ নেতৃত্বত বহু দিন ধৰি ৰাষ্ট্ৰীয় ঘাই পথেৰে সৰবৰাহ হৈ আহিছে কোটি কোটি টকা মূল্যৰ চোৰাং সাঁচি কাঠ । বিভিন্ন সময়ত বাবুলৰ নেতৃত্বত চলা চোৰাং কাঠৰ গাড়ী আৰক্ষী তথা বন বিভাগে জব্দ কৰিছে যদিও সৰবৰাহকাৰী জনৰ বিৰুদ্ধে আজিকোপতি কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই । উল্লেখ্য, কোনো বৈধ নথি পত্ৰ নোহোৱাকৈ কোটি টকাৰ সাঁচি কাঠ কঢ়িয়াই অনা ট্ৰাকখনৰ বৈধতা প্ৰমাণ কৰিবলৈ আৰক্ষীয়ে সাঁচি বেপাৰীক সময় দিছে ৪৮ ঘণ্টাৰ সময় দিছিল গোলাঘাট আৰক্ষীয়ে । কিন্তু বাবুলৰ নেতৃত্বত চলা এই অবৈধ ব্যৱসায়ৰ কোনো নথি পত্ৰ আৰক্ষীক এই সময়লৈকে দিব নোৱাৰিলে । ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে সম্পূৰ্ণ ব্যৱসায় অবৈধ ভাৱে চলাই আছে এই বাবুল আলি নামৰ লোকজনে । ইফালে, আজিলৈকে সাঁচি কাঠৰ ব্যৱসায়ীয়ে কোনো নথি পত্ৰ জমা দিব নোৱাৰাৰ বাবে শনিবাৰে নুমালীগড় বনবিভাগক ট্ৰাকখন চমজাই দিয়া হব বুলি জানিবলৈ দিছে কমাৰগাঁও আৰক্ষীয়ে ৷ আনহাতে, চুতীয়া ছাত্ৰ সন্থাই এই অবৈধ ব্যৱসায়ৰ লগত জড়িত থকা লোকৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ দাবী জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *