ব্যতিক্ৰমী ৰূপেৰে আৰ্থিক স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰি উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে “শ্ৰীশ্যাম আত্মসহায়ক গোট”ৰ শিক্ষিতা মহিলা সকলে

কাজিৰঙা লাইভ, মৰঙী, ০১ নৱেম্বৰঃ নাৰী সৱলীকৰন আৰু স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে গোলাঘাট জিলাৰ মৰঙী মৌজাৰ ১নং মুৰফুলানী গাৱঁ‌ৰ শিক্ষিতা মহিলাৰে গঠিত “শ্ৰীশ্যাম আত্মসহায়ক গোট”ৰ মহিলা সকলে। গোটটিয়ে বিভিন্ন সময়ত মহিলা সকল স্বাৱলম্বী হোৱাৰ পথ দেখুৱাই আহিছে ৷ শুকুৰবাৰে মহিলা সকলে সমিপৰ বৃহৎ চাহ বাগান দুখনত কেচা চাহপাত ছিঙি আৰ্থিক স্বাৱলম্বী হোৱাৰ এক সুন্দৰ নিদৰ্শন তুলি ধৰিবলৈ সক্ষম হ’ল। সংবাদ মাধ্যমৰ আগত গোটটিৰ সম্পাদিকা বনশ্ৰী ভূঞাই এই পদক্ষেপৰ জৰিয়তে তেওঁলোক স্বাৱলম্বী হ’ব পাৰিব বুলি মন্তব্য আগবঢ়াই ৷ লগতে এনে নিদৰ্শনৰ দ্বাৰা একাংশ মহিলা উপকৃত হ’ব বুলি তেওঁ আশা কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *