বোকাখাত আৰক্ষীৰ সাফল্য, প্ৰাক্তন স্বায়ত্ত শাসিত পৰিষদৰ নেতাৰ কাঠ ভৰ্তি ট্ৰাক জব্দ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ০১ নৱেম্বৰ :
বোকাখাত আৰক্ষীৰ বৃহৎ সাফল্য ৷ নিশাৰ অভিযানত জব্দ নথি-পত্ৰ বিহীন কাঠ ভৰ্তি এখন ট্ৰাক ৷ দুই লক্ষাধিক টকা মূল্যৰ কাঠ ভৰ্তি বোকাখাত আৰক্ষীয়ে জব্দ কৰি PB 08 BW 8411 নম্বৰৰ ট্ৰাকখন কাজিৰঙাৰ বনবিভাগক চমজাই দিয়ে। বোকাখাত আৰক্ষীয়ে জব্দ কৰা গাড়ী খন তিনিচুকীয়া তালাপৰ জনৈক মহেন সোনোৱালৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে মহেন সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰো এসময়ৰ সদস্য আছিল ৷ আনহাতে কাজিৰঙাৰ বন বিভাগে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

Leave a Reply

Your email address will not be published. Required fields are marked *