কাজিৰঙাত দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হল হাতী ছাফাৰী

অগৰাতলী বনাঞ্চলত জীপচাফাৰী মুকলি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১ নৱেম্বৰ :
শুকুৰবাৰে পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ল পৰ্যটকৰ আকৰ্ষণৰ মুখ্য কেন্দ্ৰবিন্দু স্বৰূপ হাতী ছাফাৰী ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে কহঁৰা বনাঞ্চলৰ মিহিমুখত নাৰিকল ভাঙি আনুষ্ঠানিক ভাৱে আৰম্ভ কৰিলে কহঁৰা আৰু বাগৰি বনাঞ্চলৰ হাতী ছাফাৰী ৷পুৱা দেশী পৰ্যটকৰ লগতে ফ্ৰান্স,ইংলেণ্ড,জাৰ্মানী কে আদিকৰি বহু বিদেশী পৰ্যটকে হাতীত উঠি উপভোগ কৰিলে কাজিৰঙাৰ মনোৰম নৈসৰ্গিক দৃশ্যৰাজি ৷নিচেই কাষৰ পৰাই বিশ্বখ্যাত এশিঙিয়া গঁড়,ম’হ,হাতী,হৰিণ দেখি আপ্লুত হৈ পৰিল দেশী বিদেশী পৰ্যটক ৷হাতী ছাফাৰী আৰম্ভ কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক গৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে যে কাজিৰঙালৈ নিতৌ এহেজাৰৰো অধিক পৰ্যটকৰ আগমন হয় ৷প্ৰায় সংখ্যক পৰ্যটকে হাতী ছাফাৰী কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে যদিও সকলোকে এই সুবিধা প্ৰদান কৰাটো সম্ভপৰ নহয় ৷আনহাতে যোৱাা ১২ অক্টোবৰত জীপ ছাফাৰী আৰম্ভ কৰাৰ পাছত ইতিমধ্যে ১১ হাজাৰ পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে ৷লগতে বন বিভাগে ৰাজহ লাভ কৰিছে ২৩ লাখ টকা ৷ সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চল মুকলি কৰে কাজিৰঙাৰ বন প্ৰাধিকাৰী বিষয়া ৰমেশ কুমাৰ গগৈয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *