কুঠৰীৰ বাঘমাৰীত পথ দুৰ্ঘটনা

কাজিৰঙা লাইভ, কলিয়াবৰ, ২ নৱেম্বৰ: কাজিৰঙাৰ কুঠৰীৰ বাঘমাৰীত পথ দুৰ্ঘটনা ৷ শনিবাৰে বাগৰি আৰক্ষী চকীৰ এলেকাধীন বাঘমাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত তীব্ৰবেগী বাহনৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয় তিনিজন যুৱক। AS 12 K 8801 নম্বৰৰ এখন বাইকত যুৱক কেইজন আহি থাকোতে অচিনাক্ত এখন বাহনে পথৰ ওপৰত বাইক সহ যুৱক কেইজনক মহতিয়াই থৈ যায়। আহত যুৱক কেইজনৰ নাম বাবু চাওতাল, চাহাবুদ্দিন আলি আৰু চাইফুদ্দিন আলি বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ পাই স্থানীয় বাগৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ১০৮ সেৱাৰ জৰিয়তে আহত তিনিওকে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে তিনিওকে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *