ইউনাইটেত গ্ৰাম্য স্বৰোজগাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত বোকাখাতত সৌন্দৰ্য চৰ্চাৰ প্ৰশিক্ষণ

কাজিৰঙা লাইভ, বোকাখাত, ৩০ অক্টোবৰ : আজিৰ পৰা বোকাখাতত থকা ইউনাইটেত গ্ৰাম্য স্বৰোজগাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান গোলাঘাটত ত্ৰিশ দিনীয়া এক সৌন্দৰ্য্য চৰ্চাৰ ( Beauty Parlour) প্ৰশিক্ষণ আৰম্ভ কৰা হয় । আজি এই প্ৰশিক্ষণ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মহকুমা নিৰ্বাচনী বিষয়া নিতিশা বৰাই । প্ৰশিক্ষণটোত গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তপৰ পৰা অহা মুঠ পয়ত্ৰিশ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছে । এমহীয়া এই সৌন্দৰ্য চৰ্চাৰ প্ৰশিক্ষণৰ অন্তত সফল ভাৱে প্ৰশিক্ষণ সম্পূৰ্ণ কৰা প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ বিতৰণ কৰা হব । উদ্বোধনী অনুষ্ঠানতে প্ৰশিক্ষাৰ্থী সকলক দূৰ্নীতিৰ বিৰুদ্ধে সজাগতা আনিবৰ বাবে শপত বাক্য পাঠ কৰোৱাই নিতিশা বৰাই ৷ উদ্বোধনী অনুষ্ঠানটোৰ আঁত ধৰে ইউনাইটেত গ্ৰাম্য স্বৰোজগাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক শ্ৰী বিদ্যুত খাতনিয়াৰে ৷ অনুষ্ঠিতটিত সহযোগ কৰে প্ৰতিষ্ঠানটোৰ সহযোগি প্ৰশিক্ষক শ্ৰী মতী হীমাশ্ৰী শইকীয়াই ।

Photo: civil administration, bokakhat

Leave a Reply

Your email address will not be published. Required fields are marked *