পহিলা নৱেম্বৰৰ পৰা কাজিৰঙাত মুকলি হব পৰ্যটকৰ হাতী ছাফাৰী

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩০ অক্টোবৰ :
অহা ১ নবেম্বৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত মুকলি কৰা হ’ব দেশী- বিদেশী পৰ্যটকৰ মুখ্য আকৰ্ষণ স্বৰূপ হাতী ছাফাৰী ৷ উল্লেখ্য যে ১ নবেম্বৰত কাজিৰঙাৰ কহঁৰা বনাঞ্চলত বনবিভাগৰ হাতী ছাফাৰীৰ লগতে বাগৰি বনাঞ্চলত ব্যক্তিগত হাতী ছাফাৰী মুকলি কৰাৰ কথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ঘোষনা কৰিছিল ৷ কিন্তু বিগত বানৰ লগতে বিগত কিছুদিন হোৱা বৰষুণৰ ফলত বাগৰি বনাঞ্চলত ঠায়ে ঠায়ে পানী জমা হৈ থকাৰ লগতে এলেকাটো বোকাময় হৈ থকাৰ বাবে অনিশ্চয়তা আহি পৰিছে বাগৰিৰ হাতী ছাফাৰী মুকলি কৰাত ৷ অৱশ্যে বাগৰি বনাঞ্চলত হাতী ছাফাৰীৰ বাবে অনা ব্যক্তিগত হাতী বিলাকৰ স্বাস্থ্যৰ পৰীক্ষা নিৰীক্ষা সম্পন্ন কৰিছে পশু চিকিৎসকে তথা উদ্যান কৰ্তৃপক্ষই ৷ অতি সোনকালে বাগৰি বনাঞ্চলত হাতী ছাফাৰী মুকলি কৰাৰ প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলিছে বন বিভাগে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *