বন্যহস্তীৰ উপদ্ৰৱত শংকিত গোলাঘাটৰ বিভিন্ন অঞ্চলৰ ৰাইজ

নিউজ ডেস্ক, কাজিৰঙা লাইভ,৩০ অক্টোবৰ: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ ৷ গোলাঘাটৰ জিলাৰ মুৰফুলনী, ফুলবাৰী, ফলঙনী, বালিজান, পোৰাজংঘল, ধলাগাওঁ‌ আদি অঞ্চলসমূহত প্ৰতিনিশাই ৰাইজৰ চৰম দূৰ্দশাৰ সৃষ্টি হৈছে। সন্ধিয়া হোৱাৰ লগে-লগেই এই অঞ্চল সমূহ বন্যহস্তীৰ অঞ্চল হৈ পৰে। ধাননি পথাৰ, ঘৰদুৱাৰ ভাঙি বিধস্ত কৰি আহিছে উক্ত অঞ্চলসমুহত। যাৰ ফলত শংকিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। এনেদৰে হ’বলৈ হ’লে এই অঞ্চলৰ ৰাইজ জীয়াই থকাই সমস্যা হৈ পৰিব। নিৰ্বিকাৰ বন বিভাগক ৰাইজৰ আহ্বান যে অতি সোনকালে অঞ্চলটোৰ ৰাইজৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থা লওক ৷

Leave a Reply

Your email address will not be published. Required fields are marked *