কাজিৰঙাৰ কাঞ্চনজুৰিত ঢেকীয়াপতীয়া বাঘৰ বিচৰণ, শংকিত গঁঞা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩০ অক্টোৱৰঃ কলিয়াবৰৰ কাঞ্চনজুৰিত ত্ৰাসৰ সৃষ্টি কৰিছে এটা ঢেকীয়াপতীয়া বাঘে ৷ বিগত প্ৰায় এমাহ পূৰ্বে কাঞ্চনজুৰিৰ ইঞ্জিয়া গাঁৱত প্ৰৱেশ কৰা বাঘটোৱে গাঁও খনৰ লগতে কাষৰীয়া এলেকাত সৃষ্টি কৰিছে ত্ৰাসৰ ৷ খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘটোৱে এলেকাটোত কেবাটাও পশুধন নিধন কৰাত সম্প্ৰতি ত্ৰাহি মধুসূদন সুঁৱৰিছে ৰাইজে ৷ ইতিমধ্যে বনবিভাগৰ লোকে বাঘটো পিঞ্জৰাবদ্ধ কৰিবৰ বাবে গাওঁবাসীৰ সহযোগত ঘন জংঘলত স্থাপন কৰে এটা পিঞ্জৰা । কিন্তু স্থাপন কৰা পিঞ্জৰাত বৰ্তমানলৈকে বাঘটো আবদ্ধ নোহোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী ।

Leave a Reply

Your email address will not be published. Required fields are marked *