দৈগ্ৰোংঙৰ মিঠা আম চাপৰিত আৱতৰীয়া বান

নিউজ ডেস্ক, ,কাজিৰঙা লাইভ, ৩০ অক্টোবৰঃ গোলাঘাটৰ ধনশিৰি নৈৰ হঠাৎ ভয়াবহ ৰূপ। আবতৰীয়া ধনশিৰি নৈৰ বানে মৰঙীৰ দৈগ্ৰোংঙৰ মিঠা আমচাপৰিৰ মথাউৰি সম্পূৰ্ণভাৱে ছিঙি পেলোৱাৰ ফলত সমগ্ৰ অঞ্চলটো জলমগ্ন হৈ পৰে। হঠাতে অহা এনে আৱতৰীয়া বানৰ ফলত এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে অঞ্চলবাসী ৷ অঞ্চল বাসীয়ে নিজৰ ঘৰ-বাৰী এৰি ৰাষ্টাৰ কাষত গৈ আশ্ৰয় ল’ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। অঞ্চলটিত ১৭ নং মৰঙী জিলা পৰিষদৰ জিলা সদস্যা পূৰৱী শৰ্মাই প্ৰায় ৫ কিঃমিঃ খোজ কাঢ়ি গৈ আৱতৰীয়া বানত জলমগ্ন হৈ পৰা উক্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি অঞ্চলটোৰ ৰাইজৰ পৰিস্থিতিৰ বুজ লয় লগতে আজি জিলা পৰিষদৰ তৰফৰ পৰা ৰাইজক যাৱতীয় সামগ্ৰী প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *